তেজপুৰত সংগীত নাটক অকাদেমীৰ সহযোগত “সপ্তাশ্ব” ৰ ১৫ দিনীয়া অংকীয়া ভাওনাৰ কৰ্মশালাৰ শুভাৰম্ভ

আউনীআটী সত্ৰৰ শিল্পীৰ দ্বাৰা একুৰি প্ৰশিক্ষাৰ্থীক অংকীয়া ভাওনাৰ প্ৰশিক্ষণ

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কত শ বছৰৰ আগতেই অংকীয়া ভাওনাৰ জৰিয়তে আজি বিশ্বত সমাদৃত থাৰ্ড থিয়েটাৰৰ আৰ্হি প্ৰচলন কৰি গৈছিল। কিন্তু নাট্য আন্দোলনৰ ক্ষেত্ৰত আজি বিশ্বত শ্বেইক্সপীয়েৰ যিমান বিখ্যাত শংকৰদেৱ সিমান বিখ্যাত নোহোৱাৰ মূল কাৰণটোৱেই হ’ল আমাৰ ৰাজ্যখনতে সীমাৱদ্ধ হৈ থাকিল শংকৰদেৱৰ জীৱন – দৰ্শন বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই ।উল্লেখ্য যে ভাৰত চৰকাৰৰ সংগীত নাটক অকাদেমীৰ সহযোগত আৰু তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান “সপ্তাশ্ব” ৰ উদ্যোগত আজিৰে পৰা ১৫ দিনীয়াকৈ আৰম্ভ হোৱা অংকীয়া ভাওনাৰ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে সংগীত শিল্পী লিখন শৰ্মাই । তেজপুৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানটিত সংগীতশিল্পী শৰ্মাই অংকীয়া ভাওনা আজি প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত লুপ্ত হ’বলৈ ধৰাৰ সময়তে সংগীত নাটক অকাদেমী এনেদৰে আগবাঢ়ি অহাতো এক শুভ লক্ষণ বুলি মন্তব্য কৰে। সপ্তাশ্বৰ সম্পাদিকা, বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী ড০ প্ৰতিভা শৰ্মাই আঁত ধৰা এই কৰ্মশালা আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে। শুভাৰম্ভণি অনুষ্ঠানটিত দাসে ভাষণ আগবঢ়াই এইবাৰ সমগ্ৰ ৰাজ্যতে বহু বিষয়ক লৈ কৰ্মশালা অনুষ্ঠিত হৈছে বুলি মন্তব্য কৰি কৰ্মশালা সমূহত উঠি অহা প্ৰজন্মৰ উৎসাহজনক অংশ গ্ৰহণ আৰু প্ৰতিভা সমূহে আপ্লুত কৰিছে বুলি মন্তব্য কৰে। দৰংমহাবিদ্যালয়ৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়েও অতিথি ৰূপে অংশ গ্ৰহণ কৰি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই ভাষণ আগবঢ়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা ছয়খনতেই বৈষ্ণৱ সংস্কৃতিৰ আত্মা নিহীত হৈ আছে বুলি মন্তব্য কৰি মহাপুৰুষ গৰাকীৰ জীৱন – দৰ্শনৰ যি মহত্ব সেই মহত্বৰ উমান অংকীয়া ভাওনাৰ কাহিনী সমূহত মূৰ্ত হৈ আছে বুলি কয়। উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানটিত এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে উপস্থিত থকা মাজুলীৰ আউনি আটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যাপক অতুল ভূঞাই আধ্যাত্মিক চিন্তা চেতনাৰ মাজেদিহে এগৰাকী প্ৰকৃত মানুহ হ’ব পাৰি বুলি কৈ মহাপুৰুষ গৰাকীৰ সৃষ্ট সকলো দিশতে আধ্যাত্মিক চিন্তা চেতনা নিহিত হৈ আছে বুলি কৈ আজিৰ প্ৰথম দিনটোৰ পৰাই অংকীয়া ভাওনাৰ ওপৰত প্ৰায় একুৰি প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More