সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ দলৰ ৬ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে  কৃতিত্ব

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : থাং তা ফেডাৰেচন অফ ইণ্ডিয়াৰ অন্তৰ্গত অসম থাং তা ফেডাৰেচনৰ সৌজন্যত শিৱসাগৰ জিলাৰ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ১৭ তম সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে অতি কম সময়ৰ অনুশীলনেৰে ১৭ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি উন্নত প্রদর্শনেৰে দৰ্শকৰ মন মোহিত কৰাৰ লগতে ৬ টা সোণৰ পদক, ৩ টা ৰূপৰ পদক আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।যোৱা ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পদক প্ৰাপ্ত আৰু অংশ গ্ৰহনকাৰী খেলুৱৈ সকল হ’ল ক্ৰমে – কাজল বসুমতাৰী (চাব জুনিয়ৰ ছোৱালী শাখা সোণৰ পদক), বৰ্নিল ভূঞা ( চাব জুনিয়ৰ লৰা শাখা সোণৰ পদক), গীতা তান্তি (জুনিয়ৰ ছোৱালী শাখা সোণৰ পদক), গ্লৰিয়া তপ্ন (চাব জুনিয়ৰ ছোৱালী শাখা সোণৰ পদক), ধৰিত্ৰী বৰুৱা (চাব জুনিয়ৰ ছোৱালী শাখা সোণৰ পদক), মনমিতা গোপ ( চাব জুনিয়ৰ ছোৱালী শাখা সোণৰ পদক), ঋতুষ্মিতা মণ্ডল ( চাব জুনিয়ৰ ছোৱালী শাখা ৰূপৰ পদক), মমতা তান্তি (চাব জুনিয়ৰ ছোৱালী শাখা ৰূপৰ পদক), অনুৰাগ গগৈ (চাব জুনিয়ৰ ল’ৰা শাখা ৰূপৰ পদক), প্রজ্ঞাজিতা মোচাহাৰী ( জুনিয়ৰ ছোৱালী শাখা ব্ৰঞ্জ পদক), নিলাক্ষী লগুণ ( জুনিয়ৰ ছোৱালী শাখা ব্ৰঞ্জ পদক), কৃষ্ণা মেচ (চাব জুনিয়ৰ ল’ৰা শাখা ব্ৰঞ্জ পদক)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More