তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি

১২ বছৰ কৃষ্ণৰ ভাৱত অবতীৰ্ণ হোৱা ৮৫ বছৰীয়া প্ৰবীণ ভাওনা শিল্পী ললিত শৰ্মাৰ নৃত্য প্ৰদৰ্শন

0 49
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৬ ছেপ্তেম্বৰ : তেজপুৰৰ ৮৫ বছৰীয়া বিশিষ্ট ভাওনা শিল্পী ললিত শৰ্মাই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাকৃতিক মণ্ডপৰ মাজত যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ, আয়তী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গায়ন বায়নৰ খোল-তালৰ ছেৱত পৰিৱেশন কৰিলে ৰাস ভাওনাৰ কৃষ্ণ নৃত্য। উল্লেখ্য যে, তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱে এইবাৰ ৮৮ বছৰত ভৰি দিয়া উপলক্ষে স্হানীয় ৰাইজে অহা ২৩ নবেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা মহাৰজত জয়ন্তীৰ আজি শুভাৰম্ভণি অনুষ্ঠানত বেনাৰ মুকলি কৰে ভাওনা শিল্পী ললিত শৰ্মাই ।স্মৰ্তব্য যে, ১৯৬২ চনৰ পৰা ১৯৭২ চনলৈ একেৰাহে ১০ বছৰ আৰু তাৰ পিছতো দুটাকৈ বছৰ শ্ৰীকৃষ্ণৰ ভাৱত অৱতীৰ্ণ হোৱা প্ৰবীণ ভাওনা শিল্পী ললিত শৰ্মাই মহাৰজত জয়ন্তীৰ বেনাৰ উদ্ঘাটন কৰি ভাষণ প্ৰসংগত মিলনবাকৰি ৰাস মহোৎসৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। ইয়াৰ পিছতেই স্হানীয় বায়ন – গায়নৰ লগতে সংগীত শিল্পী হৰেশ্বৰ শইকীয়াৰ বাঁহী বাদনৰ মাজত অতি আনন্দিত হৈ পৰা অশীতিপৰ শিল্পী শৰ্মাই ৰাস মণ্ডপতে  পৰিৱেশন কৰে কৃষ্ণ নৃত্য । উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আজিৰ এই শুভাৰম্ভণি অনুষ্ঠান এক মাংগলিক পৰিৱেশৰ মাজত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা লোকশিল্পী কামেশ্বৰ দাসে আৰু মূল মণ্ডপৰ পুৰণি বৃক্ষত গায়ন – বায়নৰ হৰিনাম – কীৰ্তনৰ মাজত গামোচা বান্ধে উদযাপন সমিতিৰ সভাপতি কুলেন শইকীয়াই। শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, উদযাপন সমিতিৰ উপদেষ্টা সুনীল শইকীয়া, যুটীয়া সম্পাদক ৰাজু বৰা, অপূৰ্ব বৰা, আন আন বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভাপতি কুলেন শইকীয়াই মিলনবাকৰি ৰাস মহোৎসৱৰ ইতিহাস সদৰী কৰি ভাষণ আগবঢ়োৱাৰ পিছতেই ভকত – বৈষ্ণৱ আৰু আয়তীয়ে  পৰিৱেশন কৰে থিয়নাম। উল্লেখ্য যে আজি জন্মাষ্টমীৰ দিনটোতে ৰাস মন্দিৰত কৃষ্ণ পূজাৰ সমান্তৰাল ভাৱে আয়োজন কৰা মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰদৰ্শন মূলক ভাৱে শিশু কৃষ্ণৰ অনুষ্ঠানো সম্পন্ন হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More