বিজ্ঞান সংগঠক যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন

0 52

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে লখিমপুৰ জিলাত শিশুৰ উদ্ভাৱনী প্ৰতিভাক আন্তৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত উলিয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যজ্ঞোৰাম বৰাৰ প্ৰৱন্ধ সংকলন “শৈশৱৰ উত্তৰণ” উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱাই। আনহাতে কবিতা পুথি “হৃদয়ৰ ফুলনিৰ ৰঙা গোলাপ” উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই। উন্মোচক উমানন্দ বৰুৱাই সামাজিক ক্ষেত্ৰলৈ যজ্ঞোৰাম বৰাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰাৰ লগতে আনজন উন্মোচক শৈলেন বৰুৱাই একোজন লেখক সৃষ্টিত কাকত-আলোচনীৰ সম্পাদকে কি দৰে ভূমিকা লয় আৰু লেখকে নিৰন্তৰ শব্দ সাধনাৰে কেনেদৰে উৎকৃষ্ট লেখা প্ৰস্তুত কৰিব পাৰে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানটিৰ সামগ্ৰিক ব্যৱস্থাপনাৰে আঁত ধৰে মানসী শইকীয়াই। তেওঁ লেখক বৰাৰ পৰিচিতি দাঙি ধৰি কয়—ইংৰাজী আৰু অসমীয়াত এম এ, এম ফিল ডিগ্ৰীধাৰী বৰা সম্প্ৰতি খেৰাজখাত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল(জুনিয়ৰ কলেজ)ৰ প্ৰবক্তা। ২০১৯ বৰ্ষৰ জিলা কৃতী শিক্ষক, বিজ্ঞানৰ উদ্ভাৱনী ক্ষেত্ৰখনত সংগঠক হিচাপে আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে ২০২২ বৰ্ষত লক্ষীমপুৰ জিলা প্ৰশাসনৰ  “বিশেষ বঁটা” প্ৰাপক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেণ্টৰ, ব্ৰিটিছ কাউঞ্চিলৰ ৰাজ্যিক পৰ্যায়ৰ ইংৰাজী বিষয়ৰ সমল ব্যক্তি। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান লক্ষীমপুৰ জিলা সমিতি আৰু নামনি লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ সমন্বয়ক। এসময়ৰ উত্তৰ লক্ষীমপুৰৰ পৰা প্ৰকাশিত “ন লখিমী” কাকতৰ নিয়মীয়া লেখক আৰু লক্ষীমপুৰৰ পৰাই প্ৰকাশিত “সাদিনীয়া নতুন বাতৰি” আৰু তেজপুৰৰ পৰা প্ৰকাশিত ”সাদিনীয়া সংবাদ”ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু নিজা সংবাদদাতাৰূপে সেৱা আগবঢ়াইছিল । বৰাৰ ইতিপূৰ্বে “জীৱন তৃষ্ণা, “হৃদয়ত জোনাকৰ অনুভূতি” নামৰ দুখন পুথি প্ৰকাশ হোৱাৰ লগতে আজি উন্মোচন হোৱা দুখনকে ধৰি মুঠ ৪ খন গ্ৰন্থ প্ৰকাশ হৈছে।  সভাত লেখক যজ্ঞোৰাম বৰাই সৃষ্টিৰ তাগিদাৰে নিজকে প্ৰতিদিনে সুখী কৰি ৰাখিবলৈকে লিখা মেলা কৰি আহিছে বুলি মন্তব্য কৰাৰ লগতে সুধী সমাজৰ প্ৰশংসাই তেঁওক পুনৰ লিখি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More