তেজপুৰৰ নাৰ্ছিং হ’মত প্ৰসুতিৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি

0 53

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ প্ৰসুতিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় তেজপুৰৰ এখন নাৰ্ছিংহোমত৷ উল্লেখযোগ্য যে, চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে চৰকাৰী চিকিৎসালয়ৰ পৰিবৰ্তে ব্যক্তিগত নাৰ্চিং হোমত দুবাৰকৈ অস্ত্ৰোপচাৰ কৰে প্ৰসুতি গৰাকীক৷ অভিযোগ মতে,ঢেকিয়াজুলিৰ ৩০ খন বিচনাযুক্ত শিশু মাতৃ হাস্পতালত ১৮ ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হয় সুনয়না শ্বাহ নামৰ প্ৰসুতি গৰাকীক৷ চিকিৎসালয় খনৰ প্ৰসুতি বিভাগৰ চিকিৎসক প্ৰদীপ চাহুয়ে প্ৰসুতি গৰাকীৰ অৱস্থা কিছু জটিল বুলি কৈ চৰকাৰী চিকিৎসালয়খনৰ পৰিবৰ্তে তেজপুৰৰ অনন্ত মেম’ৰিয়েল নাৰ্চিং হ’মত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়াত কালি পুৱা প্ৰসুতি গৰাকীক নাৰ্চিং হ’মখনলৈ স্হানান্তৰ কৰে আত্মীয়ই৷প্ৰসুতি গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে কালি পুৱাৰ ভাগত চিজাৰিয়ান পদ্ধতিৰে এটি কন্যা সন্তান জন্ম দিয়ে আৰু দিনটো সুস্হ অৱস্হাত থকা প্ৰসুতি গৰাকীৰ নিশালৈ স্বাস্হ্যৰ অৱনতি ঘটাত নিশা ১.৩০ বজাত চিকিৎসক প্ৰদীপ চাহুৰ স’তে যোগাযোগ কৰে যদিও আজি পুৱা পাঁচ বজাতহে চিকিৎসক চাহু চিকিৎসালয়ত উপস্থিত হৈ প্ৰসুতি গৰাকীক পুনৰ এক অস্ত্ৰোপচাৰ কৰাৰ ক্ষন্তেক পিছতেই পৰিয়ালৰ লোকক প্ৰসুতি গৰাকীৰ মৃত্যু হোৱা বুলি জনায়৷ লগে লগে নাৰ্চিং হ’মখনত এক হুলস্থূলীয়া পৰিবেশৰ উদ্ভৱ হয়৷ প্ৰসুতি গৰাকীক ভুল চিকিৎসাৰে মৃত্যুৰ মুখলৈ ঠেলা বুলি অভিযোগ কৰে মৃত প্ৰসুতিৰ পৰিয়ালে৷ পাছত অনন্ত মেমৰীয়েল নাৰ্চিং হোমত আৰক্ষী উপস্থিত হয় আৰু প্ৰসুতিগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ইপিনে চিকিৎসক চাহুৰ বিৰুদ্ধে পৰিয়ালে কছাৰীগাঁও আৰক্ষীচকীত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে চিকিৎসকজনক আটক কৰে৷ এগৰাকী চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে এইদৰে প্ৰসুতিক ব্যক্তিগত নাৰ্চিং হোমলৈ স্হানান্তৰিত কৰাৰ পৰামৰ্শ দিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More