অসম আন্দোলনত সৰ্বাধিক বছৰ কাৰাবন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ আপোচহীন জাতীয়তাবাদী সত্বা, জ্যেষ্ঠ অধিবক্তা অশোক কুমাৰ মহন্তৰ দেহাৱসান

ম্ৰিয়মান তেজপুৰবাসী

0 53

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰবল জাতীয়তাবাদী অশোক কুমাৰ মহন্তৰ যোৱা নিশা প্ৰায় ৩ – ৫২ বজাত হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে ৭৪ বছৰ বয়সত তেজপুৰৰে টাইমছ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনৰ সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে ।উল্লেখ্য যে নগাঁৱৰ ভোটাই গাঁৱত ১৯৪৯ চনত জন্মগ্ৰহণ কৰা আৰু পিতৃৰ কৰ্মসূত্ৰে পৰৱৰ্তী সময়ত তেজপুৰৰ ডালিম বৰা পথৰ পিছত লম্বোদৰ বৰা পথত স্হায়ী ভাৱে থাকিবলৈ লোৱা বিশিষ্ট অধিবক্তা, সমাজকৰ্মী গৰাকীৰ কালি পুৱা ৯ বজাত হঠাৎ বুকুৰ বিষ অনুভৱ হোৱাত একাংশ শুভাকাংক্ষী আৰু পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেজপুৰ চাৰিআলিৰ টাইমছ হাস্পতালত ভৰ্তি কৰে যদিও পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে ছাত্ৰ অৱস্থাৰ পৰাই বিশেষকৈ দৰংমহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰা এক জাতীয়তাবাদী সত্বাৰ অধিকাৰী মহন্ত এগৰাকী দক্ষ তাৰ্কিক হোৱাৰ লগতে সুবক্তা আৰু সাহিত্য – সংস্কৃতিক কৰ্মী হিচাপে বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ সৈতে সক্ৰিয় ভাৱে জড়িত হৈ পৰিছিল। অসম আন্দোলনৰ সৈতে ঘনিষ্ঠ ভাৱে জড়িত হৈ পৰাৰ বাবেই Preventive Detention আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ অসম আন্দোলনৰ আৰম্ভণিৰ পৰা একেবাৰে সমাপ্ত হোৱাৰ সময়লৈকে সৰ্বাধিক বছৰ কাৰাবন্দিত্বৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল। আনকি সেই সময়ছোৱাত তিহাৰ কাৰাগাৰতো থাকিব লগা প্ৰয়াত মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সদস্য, সদৌ অসম উকীল সন্থাৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি, তেজপুৰ উকীল সন্থাৰ প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক, অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ উপদেষ্টা, তেজপুৰ বাণ থিয়েটাৰৰ আজীৱন সদস্যৰ লগতে বহুতো জাতীয় সংগঠনৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিল। অসম আন্দোলনৰ সমাপ্তিৰ পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হয় যদিও আপোচহীন জাতীয়তাবাদী মহন্ত ৰাজনীতিৰ সৈতে জড়িত নহৈ তেজপুৰ আদালতত ওকালতিৰ জীৱন অতিবাহিত কৰি অসম আন্দোলনৰ সময়ছোৱাত নিৰ্যাতিত আন্দোলনকাৰী সকলক বিনামূলীয়া আইনী সাহাৰ্য আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰয়াত ড০ পূৰ্ণনাৰায়ণ সিংহ আৰু নৰেন্দ্ৰ গোস্বামীৰ দৰে জ্যেষ্ঠ অধিবক্তাৰ সৈতে বিশেষ ভূমিকা গ্ৰহণ কৰাই নহয় সংযুক্ত মুক্তি বাহিনীৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হোৱা সকলকো বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰা মহন্ত মৃত্যুৰ মুহূৰ্তলৈ তেজপুৰ আদালতৰ অধিবক্তা সকলক একত্ৰিত কৰি নিজে এটা ছাতিৰ দৰে সকলোকে আৱৰি থাকি তেজপুৰ উকীল সন্হাৰ সাংগঠনিক ভেটি মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এগৰাকী দক্ষ আইনজ্ঞ হিচাপে পৰিগণিত হোৱা মহন্তৰ পত্নী অমলী মহন্ত ২০০৪ বৰ্ষত পৰলোকপ্ৰাপ্তি ঘটাৰ পিছত ২০০৫ চনৰ পৰা তেওঁৰ সোঁৱৰণত প্ৰতি বছৰৰ শিক্ষক দিৱসৰ দিনটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক “অমলী মহন্ত সোঁৱৰণী বঁটা” প্ৰদান কৰি আহিছিল। এইগৰাকী আপোচহীন জাতীয়তাবাদীৰ দেহাৱসানৰ বতৰা পোৱাৰ পিছতেই আজি পুৱাৰ পৰা লম্বোদৰ বৰা পথৰ বাসগৃহত শোকাকুল জনতাৰ সমাবেশ ঘটে। বিশিষ্ট অধিবক্তা গৰাকীৰ নশ্বৰ দেহ বাসগৃহৰ পৰা তেজপুৰ আদালত চৌহদলৈ কঢ়িয়াই নিয়াৰ প্ৰাকমুহূৰ্তত বাসগৃহতে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক জান বৰা, শোণিতপুৰ জিলা সমিতিৰ সভাপতি অনিল ডেকা, জ্যেষ্ঠ অধিবক্তা যামিনী কুমাৰ বৈশ্য, প্ৰাক্তন ছাত্ৰ নেতা নিপ বৰা, নিৰ্মল কলিতা, বিশিষ্ট সমাজকৰ্মী অঞ্জলি কলিতা, জ্যেষ্ঠ অধিবক্তা ইস্কে আলম, বাবুল বৰঠাকুৰ,বিৰাজ নাথ, সাংবাদিক প্ৰশান্ত মহন্ত, সমাজকৰ্মী প্ৰতুল মহন্ত, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া, আৰু অসংখ্য গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।ইয়াৰ পিছতেই তেজপুৰ আদালত চৌহদতো তেজপুৰ উকীল সন্হাৰ সভাপতি প্ৰমোদ শৰ্মা, সাধাৰণ সম্পাদক বিৰাজ নাথৰ নেতৃত্বত সকলো সদস্যই নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে এইগৰাকী জাতীয়তাবাদী অধিবক্তাৰ মৃত্যুত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ গহন চন্দ্র মহন্ত, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, প্ৰাক্তন ছাত্ৰ নেতা অলক নাথ, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।মৃত্যুৰ সময়ত ভাতৃ, ভগ্নী, ভতিজাকে ধৰি নি:সন্তান অশোক কুমাৰ মহন্তই অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱাৰ পিছত দুপৰীয়া তেজপুৰৰ মৰাভৰালী ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More