তেজপুৰৰ বালি সত্ৰৰ সংৰক্ষিত সাঁচিপতীয়া পুথি তেজপুৰ বিশ্ববিদ্যালয়ক অৰ্পণ

তেজপুৰ বিশ্ববিদ্যালয়ত সাঁ‌চিপতীয়া পুথি পঠন আৰু পাঠ-সমীক্ষাৰ চাৰিদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ

0 74

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : “ভাৰতৰ নতুন শিক্ষানীতি-২০ য়ে বিশেষভাৱে গুৰুত্ব দিছে পৰম্পৰাগত জ্ঞান-চৰ্চাক। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ে সময়ে সময়ে এই সম্পৰ্কীয় ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বহুমুখী প্ৰতিভাৰ অধিকাৰী শ্ৰীমন্ত শঙ্কৰদেৱকে ধৰি প্ৰাক-আধুনিক কালৰ ধৰ্মগুৰু-সাহিত্যিকসকলে যি আপুৰুগীয়া সাঁ‌চিপতীয়া পুথি লিখনৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল তাক অধ্যয়ন কৰাৰ অত্যন্ত প্ৰয়োজন। অকল লিখন পৰম্পৰাই নহয়, মহাপুৰুষ শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা অন্যান্য পৰম্পৰাগত জ্ঞান আৰু জীৱনশৈলীও পুনৰ্জীৱিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।”–তেজপুৰ বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হোৱা “সাঁ‌চিপতীয়া পুথি পঠন আৰু পাঠ-সমীক্ষা” শীৰ্ষক এখনি কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত এনেদৰে মন্তব্য কৰে বিশ্ববিদ্যালয়খনৰ বহুৰ্বিদ্যামুখী গৱেষণা কেন্দ্ৰ (Centre for Multidisciplinary Research)ৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱাই। উল্লেখ্য যে আজিৰে পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পুৰণি পুথি পঠনৰ চাৰিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে। উদ্দেশ্য ব্যখ্যা কৰি কৰ্মশালাৰ সমন্বয়ক তথা বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ সঞ্জীৱ পল ডেকাই অসমীয়া বিভাগে বিভিন্ন সময়ত সাঁ‌চিপতীয়া পুথি সম্পৰ্কত কৰি অহা কামৰ খতিয়ান দাঙি ধৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সাঁ‌চিপতীয়া পুথিৰ এদল নতুন গৱেষক-বিশেষজ্ঞ ওলাব বুলি আশা ব্যক্ত কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে সম্প্ৰতি পুৰণি পুথি পঢ়িব পৰা লোকৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে যদিও চৰ্চা কৰিলে নতুন প্ৰজন্মই সাঁ‌চিপাতৰ বৰ্ণমালা অনায়াসে আয়ত্ব কৰিব পাৰে। অনুষ্ঠানটিত মানবিকীবিদ্যা আৰু সমাজবিজ্ঞান বিদ্যাপীঠৰ ডীন ফাৰহান্তা দন্তাই বিশ্ববিদ্যালয়খনৰ নৱপ্ৰতিষ্ঠিত অসমীয়া বিভাগে আৰম্ভণিৰে পৰা শতিকাপুৰণি সাঁ‌চিপতীয়া পুথিৰ অধ্যয়নত যি গুৰুত্ব দি আহিছে সেয়া প্ৰশংসনীয় বুলি মন্তব্য কৰে আৰু আগলৈয়ো অব্যাহত ৰাখিব বুলি আশা ব্যক্ত কৰে। উল্লেখ্য যে কৰ্মশালাখনিৰ প্ৰথমখন সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাজুলীৰ শ্ৰীশ্ৰীআঁ‌হতগুৰি সত্ৰৰ দুগ্ধচন্দ্ৰ গোস্বামী। বাকী সত্ৰসমূহ পৰিচালনা কৰিব পাঠ-সমীক্ষাৰ গৱেষক তথা ডায়েট, নলবাৰীৰ প্ৰবক্তা ৰাজতৰঙ্গিনীয়ে। অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ডঃ জুৰি দত্তই আদৰণি জনোৱা অনুষ্ঠানটিতেই তেজপুৰ চহৰৰ বালিসত্ৰত সংৰক্ষিত কেইখনমান পুথি সত্ৰৰ পূৰ্ণদা গোস্বামীয়ে তেজপুৰ বিশ্ববিদ্যালয়ক দান দিয়ে। অনুষ্ঠানটিত ডঃ সুব্ৰতজ্যোতি নেওগকে ধৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ভালেমান অধ্যাপক-গৱেষক-ছাত্ৰ-ছাত্ৰী আৰু তেজপুৰ চহৰৰ কেইবাগৰাকীও লোকে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More