তেজপুৰ-ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়লৈ ৰাজ্যখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ স্বীকৃতি

অধ্যক্ষ পলাশ কুমাৰ নাথে গ্ৰহণ কৰিলে বঁটা

0 14

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৩ জুন : নৰ্থ ইষ্ট এডুকেশ্বন ইমিনেচনচ (এডুকেশ্বনেল কনক্লেভ) ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক ভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেজপুৰ- ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশ কুমাৰ নাথক এই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰাত তেজপুৰৰ শৈক্ষিক ক্ষেত্ৰখন উৎফুল্ল হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ শৈক্ষিক খণ্ডত উৎকৃষ্ট অৱদান তথা ফলাফলৰে আগবাঢ়ি যোৱা শিক্ষানুষ্ঠানলৈ স্বীকৃতি স্বৰূপে যোৱা বছৰৰ পৰা আৰম্ভ হোৱা তেজপুৰৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়খনে শ্ৰেষ্ঠতাৰ স্হান লাভ কৰাত স্বাভাৱিকতে শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ মুঠ ২৩ খন বিদ্যালয়ক শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিভিন্ন শিতানত কালি গণেশগুৰিৰ নেডফি হাউচত এই বঁটা প্ৰদান কৰাৰ মাজত তেজপুৰৰ এই বিদ্যালয়খনে শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান অৰ্জন কৰাৰ বাবে অধ্যক্ষ পলাশ কুমাৰ নাথে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে। উল্লেখ্য যে নিউজ ১৮ নৰ্থ ইষ্ট আছামৰ উদ্যোগত এই শৈক্ষিক কনক্লেভ আয়োজিত হৈছিল আৰু তেজপুৰৰ নিকটৱৰ্তী বেছেৰীয়া নিবাসী প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ কুমাৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মনোৰমা দেৱীৰ পুত্ৰ এগৰাকী দক্ষ নাট্যশিল্পী তথা সাংস্কৃতিক কৰ্মী পলাশ কুমাৰ নাথে এই বঁটা লাভ কৰাত স্বাভাৱিকতে তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনো উৎফুল্ল হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More