তেজপুৰৰ  ডেকাৰ গাঁৱৰ উষা-নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ‘ঝলঝলা’ ৰ মিলেট  সজাগতা সভা সম্পন্ন 

মিলেটৰ অৰ্থনৈতিক দিশৰ ওপৰত অধ্যাপক ড° প্ৰণৱজ্যোতি দাসৰ আলোকপাত

0 15
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৩ জুন: চলিত বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে সমগ্ৰ বিশ্বতে উদযাপন হৈ আছে৷ সেই উদ্দেশ্যে অসম মিলেট মিচনে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত মিলেটক জনপ্ৰিয়  কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আছে৷ ‘ঝলঝলা’ (এক স্বচ্চতাৰ প্ৰতিশ্ৰুতি) এক বেচৰকাৰী অনুষ্ঠানটোৱে যিহেতু জন্মলগ্নৰে পৰাই পৰিৱেশ পৰিস্থিতি আৰু সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত সজাগতামূলক সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে সেয়েহে সাম্প্ৰতিক সময়তো মিলেটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰৰ মিলেট মিচন অভিযানত সহযোগিতা আগবঢ়াবলৈ কালি তেজপুৰৰ ডেকাৰগাঁও ঊষা নাট্য মন্দিৰত এখন বিশেষ সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সম্পাদিকা বকুল ৰয়ৰ আদৰণি ভাষণেৰে আৰু নিৰঞ্জন  কলিতাই আঁত ধৰা সভা খনত তেজপুৰ চৰকাৰী উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ  বিজয় শইকীয়াই  সভাপতিত্ব কৰে৷ সভাত  মুখ্য অতিথি হিচাপে শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ শইকীয়া উপস্থিত থাকে৷ মিলেটৰ নডেল বিষয়া  প্ৰণৱ বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকি মিলেটৰ ওপৰত সাৰুৱা বক্তৃতা প্ৰদান কৰে৷ তেখেতে আন্তজাৰ্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক চৰকাৰে মিলেটৰ ওপৰত বৰ্তমানে গ্ৰহণ কৰা বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে দৃশ্য শ্ৰব্য পদ্ধতিৰে মিলেটৰ বিভিন্ন উপকাৰী দিশ সম্পৰ্কেও উল্লেখ কৰে৷ দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° প্ৰণৱ জ্যোতি দাসে মিলেটৰ অৰ্থনৈতিক দিশ সম্পেৰ্ক ৰাইজৰ আগত সবিশেষ ব্যাখ্যা দাঙি ধৰে৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ গৱেষিকা নমিতা দত্তই মিলেট খেতিৰ বিষয়ে আৰু সমাজকৰ্মী দ্বীপেন শইকীয়াই পঞ্চায়ত পৰ্য্যায়ত মিলেটৰ সজাগতা সৃষ্টি কৰিবলৈ কৃষি বিভাগ আৰু স্বেচ্চাসেৱী সংগঠনক আহ্বান জনায়৷ সম্পাদিকা বুকল ৰয়ে থলুৱা পদ্ধতিৰে কি দৰে মিলেটৰ খাদ্য বস্তু প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে৷ সভাত ঝলঝলা [এক স্বচ্চতাৰ প্ৰতিশ্ৰুতি] বেচৰকাৰী সংগঠনটোৰ ৰাজ্যিক সভাপতি  অৰিজিৎ ৰয় প্ৰধানীৰ শলাগৰ শৰাই আৰু সভাপতিৰ সাৰুৱা ভাষণেৰে সভাৰ অন্ত পৰে৷ সভাত স্থানীয় ৰাইজ কেবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী, কৃষক, আত্ম সহায়ক গোটৰ সদস্য সদস্যা আৰু ঝলঝলাৰ কেন্দ্ৰীয় কমিটিৰ বিষয় ববীয়াকে ধৰি শতাধিক ব্যক্তি উপস্থিত থাকে৷ সৰ্বশেষত মিলেট যাতে সহজে উপলব্ধ হয় এই উদ্দেশ্যেৰেই স্থানীয় উদ্যমী যুৱক মনজিৎ বৰাৰ ডেকাৰগাওঁ চেন্টাৰত এখন দোকানৰ ঝলঝলাৰ সভাপতিয়ে শুভাৰম্ভ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More