তেজপুৰ চেলেঞ্জ কাপ ফুটবল

মৰ্নিং ষ্টাৰৰ ধুমুহাত বিধ্বস্ত কলকতাৰ দুৰ্গাপুৰ এফ চি

0 60
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৬ছেপ্টেম্বৰঃ ফুটবল খেলত ৰাজ্যৰ খেলুৱৈৰ প্ৰবল পৰাক্ৰম দেখুৱাই আজি ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কাৰ্বি আংলঙৰ মৰ্ণি ষ্টাৰ এফ চিয়ে কলকাতাৰ দুৰ্গাপুৰ এফ চিক ১১-০গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা তেজপুৰ চেলেঞ্জ কাপৰ বহু প্ৰত্যাশিত মেছ আছিল এইখন৷ কলকাতাৰ দলটোৰ বিপৰীতে ইতিমধ্যেই পূৰ্বৰ দৃষ্টিনন্দন খেলৰে দৰ্শকক সন্মোহিত কৰা কাৰ্বিআংলঙৰ মৰ্ণি ষ্টাৰ দলে আজি যে প্ৰবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাকে লৈ দলটোৰ সমৰ্থক সকল নিশ্চিত আছিল৷ যথেষ্ট সংখ্যক দৰ্শকৰ সন্মুখত আজি অনুষ্ঠিত হোৱা খেলখনত কিন্তু কলকতাৰ দলটোক আৰম্ভণিৰ হুইছেল বজাৰ পৰাই থাউনি ল’বলৈকে সুযোগ নিদিলে মৰ্ণিং ষ্টাৰ এফচিয়ে৷ দলটোৰ ১০নম্বৰ জাৰ্চি পৰিধান কৰা স্ক’ৰাৰ মুকেশ তামাঙৰ নেতৃত্বত দুৰ্গাপুৰ এফচিৰ শিৱিৰত চলা উপৰ্যুপৰি আক্ৰমণত দুৰ্গাপুৰৰ ডিফেঞ্চ সম্পূৰ্ণৰূপে চেদেলিভেদেলি হৈ পৰে আৰু কলকাতাৰ দলটোৱে মুঠ ১১টা গ’ল হজম কৰিবলগীয়া হয়৷ মৰ্ণিং ষ্টাৰ কাৰ্বিআংলঙৰ হৈ মুকেশ তামাঙে হেট্ৰিক অৰ্জন কৰে৷ উল্লেখযোগ্য যে, আজিৰ এই দৰ্শনীয় বিজয়ৰে মৰ্ণিং ষ্টাৰে তেজপুৰ চেলেঞ্জ কাপৰ ছেমিফাইনেলত দ্বিতীয় দল হিচাপে প্ৰৱেশ কৰিছে৷ প্ৰনিধানযোগ্য যে, প্ৰতিযোগিতাখনৰ  ছেমিফাইনেলত প্ৰথমটো দল হিচাপে ইতিমধ্যে প্ৰৱেশ কৰিছে কোকৰাঝাৰৰ চিৰাং দুৱাৰ এফ চিয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More