তেজপুৰ চেলেঞ্জ কাপঃ দৰ্শনীয় প্ৰদৰ্শনৰে অসম ৰাইফলছ ছেমিত

0 43
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম ৰাইফলছে৷ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনত অসম ৰাইফলছে শিলচৰৰ লেণ্ড ৰ’লাৰ্ছ এফ চিৰ বিৰুদ্ধে দমনীয় খেল প্ৰদৰ্শন কৰি ৪-০গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ তৃতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰে৷উল্লেখযোগ্য যে,মেচৰ প্ৰথমাৰ্দ্ধত দুটা আৰু দ্বিতীয়াৰ্দ্ধত আন দুটা গ’লৰে সহজ বিজয় সাব্যস্ত কৰা অসম ৰাইফলছৰ ডেভিদ টামাঙে হেট্ৰিক অৰ্জন কৰে৷আনহাতে ১৮ আৰু ১৯ ছেপ্টেম্বৰত প্ৰতিযোগিতাখনৰ কোনো মেচ নাই৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More