তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হ’ব

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ হ’ব৷ আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক সংবাদ মেলত এই বিষয়ে সদৰি কৰিছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে। সংবাদ মেলত উপাচাৰ্য সিঙে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১২টা সংখ্যাৰ এটা ব্যতিক্ৰমী পৰিচয় নম্বৰ লাভ কৰিব আৰু উক্ত নম্বৰৰ আধাৰত ছাত্ৰ-ছাত্ৰী সকলে ইচ্ছা কৰিলে আন বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে যাব পাৰিব বুলি জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পূৰ্বতে থকা অনমনীয়তাক বহুখিনি সৰল কৰি তুলিছে বুলি উল্লেখ কৰি উপাচাৰ্য গৰাকীয়ে নতুনকৈ প্ৰৱৰ্তনৰ কৰা চাৰি বছৰীয়া স্নাতক কাৰ্যসূচীৰ বাবে পাঠ্যক্ৰম আৰু ক্ৰেডিট ফ্ৰেমৱৰ্কৰ অধীনত এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে ব্যক্তিগত আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ ওপৰত এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ যোৱাৰ পথ বাছি ল’ব পাৰিব বুলি ব্যক্ত কৰে । উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ সংহত স্নাতকোত্তৰ কাৰ্যসূচীসমূহৰ ভিতৰতে চাৰি বছৰীয়া ডিগ্ৰী কাৰ্যসূচী সংহত কৰি চিচিএফইউপিৰ প্ৰয়োজনীয়তাৰ স’তে খাপ খুৱাই তৈয়াৰ কৰি তোলা হৈছে বুলি কয় । আনহাতে ছাত্ৰ ছাত্ৰী কেন্দ্ৰীক ৰাষ্ট্ৰীয় শিক্ষানীতি২০২০য়ে এক যুগান্তকাৰী পৰিবৰ্তন আনিছে বুলি সদৰি কৰি উপাচাৰ্য অধ্যাপক সিঙে বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ ২৭টা বিভাগত ৭৬টা পাঠ্যক্ৰম চলি আছে বুলি সদৰি কৰে । উপাচাৰ্য গৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমান চীনা ভাষাত ডিপ্লমা পাঠ্যক্ৰম চলি থকা আৰু বিদেশী ভাষাৰ ডিগ্ৰী পাঠ্যক্ৰমৰ লগতে প্ৰতিৰক্ষা পাঠ্যক্ৰম, ক্ৰীড়াৰ যোগকে ধৰি আৰু ১৩বিভাগৰ অধীনত ৩৯টা পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় অনুমতি বিছাৰি কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ওচৰত তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তাৱ দাখিল কৰাৰ কথাও সংবাদ মেলত সদৰি কৰে। সংবাদ মেলত উপাচাৰ্য গৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিত থকা যিকোনো ধৰনৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয় সাজু বুলিও কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More