তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

৩২৭ পৃষ্ঠাৰ ’স্বৰ্ণবাহী’ৰ উন্মোচন

0 78

উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশনৰ আজি সামৰণি পৰে। আজি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ খাউণ্ডে। স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সম্পাদক সিদ্ধাৰ্থ পাঠকে। পুৱা ৯ বজাত ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অহিদুৰ ৰহমান আৰু অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক অতুল বৰাই। ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আজীৱন সভ্য ডিম্বেশ্বৰ হাজৰিকাই। ১১.৩০ বজাৰ পৰা বিশিষ্ট কবি, সাহিত্যিক কল্যাণী চক্ৰৱৰ্তী গগৈৰ সঞ্চালনাত অনুষ্ঠিত জনগোষ্ঠীয় কবি সন্মিলন উদ্বোধন কৰে কবি প্ৰণীতা শইকীয়া বৰাই। ১২-৩০ বজাৰ পৰা নৱনিৰ্বাচিত সভাপতি হৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ধনদা দেৱীয়ে। শাখা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাত ‘প্ৰেৰণাদায়ী সাহিত্য’ শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে এল টি কে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ৰণদ্বীপ বৰাই৷ সভাত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক নিৰণ কুমাৰ বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি সঞ্জীৱ উপাধ্যায়, সম্পাদক নৱকমল বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক কৃষ্ণ দাসে৷ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰশান্ত কুমাৰ মোদক আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থকা উক্তসভাত ৰিণ্টু শইকীয়াৰ সম্পাদনাত প্ৰকাশিত ৩২৭ পৃষ্ঠাৰ তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ মুখপত্ৰ ’স্বৰ্ণবাহী’ৰ উন্মোচন কৰে ড° ৰণদ্বীপ বৰাই। আদৰণি সমিতিৰ সভাপতি বিৰেন দাসে আদৰণি ভাষণ দিয়া মুকলি সভাত প্ৰাক্তন সভাপতি প্ৰশান্ত কুমাৰ নাথৰ কাব্য সংকলন হৃদয়ৰ গান উন্মোচন কৰে সঞ্জীৱ উপাধ্যায়। আদৰণি সমিতিৰ সম্পাদক সিদ্ধাৰ্থ পাঠক আৰু সঞ্জীৱ বৰাই শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More