যুদ্ধ বিমান চুখইৰ উৰণ অভিজ্ঞতা ললে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

৩০মিনিট উৰণৰে আনন্দিত ৰাষ্ট্ৰপতি

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮এপ্ৰিলঃIMG 20230408 WA0073 ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে আজি তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা অত্যাধুনিক যুদ্ধ বিমান চুখই এম কে ৩০ত উৰণৰ অভিজ্ঞতা লয়৷এই যুদ্ধ বিমানখনৰে আজি প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰায় ৩০মিনিট উৰণৰ সাহসিক অভিজ্ঞতা লাভ কৰি আনন্দ প্ৰকাশ কৰে৷ আজি যুঁজাৰু বিমানৰ বৈমানিকৰ বেশত তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা উৰা মাৰিলে আকাশলৈ।উল্লেখযোগ্য যে,তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ৰাজ্যত উপস্থিত হোৱা ৰাষ্ট্ৰপতি গৰাকী আজি পুৱা ৯:১১বজাত গুৱাহাটীৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ বিশেষ বয়িং বিমান ৰাষ্ট্ৰদূতত আহি উপস্থিত হয়হি৷তেওঁৰ স’তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও একেখন বিমানতে তেজপুৰলৈ আহে৷ বায়ুসেনা ঘাটিত ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনোৱাৰ পাছতে তেওঁ পোনে পোনে বায়ু সেনাৰ অভিবাদন গ্ৰহণ কৰে আৰু ইয়াৰ কিছু সময়ৰ পাছতে তেওঁক যুঁজাৰু বিমান চুখই ৩০ এম কে আইত উৰণৰ বাবে বিশেষ বাহনৰে আগুৱাই অনা হয়৷ মুঠ ১৪খন এনে বিমানৰ ভিতৰত নিৰ্দিষ্ট যুদ্ধ বিমানত বৈমানিকৰ সাজত আৰোহন কৰা ৰাষ্ট্ৰপতি গৰাকীয়ে ইয়াতে বায়ুসেনা বিষয়া সকলৰে ফটো উঠে৷ চুখইৰ ঘাটিত উপস্থিত হৈ এই বিমানৰ বিষয়ে বুজ লৈ চুখইত উৰণৰ বাবে উঠা ৰাষ্ট্ৰপতি গৰাকীক লৈ ১০.৩৩ মিনিটত উৰা মাৰে যুঁজাৰু বিমানখন৷ ইয়াৰ পাছত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় দুই কিলোমিটাৰ উচ্চতাত ৩০ মিনিট সময় উৰাৰ পাছত পুনৰ বিমান ঘাটলৈ উভতি আহে বিশেষ চুখইখন।নিৰ্মল বতৰত বিমানখন আজি উৰুৱাইছিল বায়ুসেনাৰ ১০৬ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্টেইন নবীন কুমাৰে। প্ৰতি ঘণ্টাত প্ৰায় আঠশ কিলোমিটাৰ বেগত হিমালয়ৰ দৃশ্যৰে ব্ৰহ্মপুত্ৰ আৰু তেজপুৰ উপত্যকা আৱৰি প্ৰায় ৩০ মিনিট উৰে।উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি মুৰ্মু হৈছে দেশৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি আৰু মহিলা ৰাষ্ট্ৰপতি হিচাপে তেওঁ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, যিয়ে এনেদৰে চুখইৰ উৰণৰ অভিজ্ঞতা গ্ৰহণৰ দুঃসাহসিক কাম কৰিছে।এই ঐতিহাসিক উৰণ সমাপ্ত কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে পৰিদৰ্শনৰ চমু টোকাত নিজৰ অনুভৱ প্ৰকাশ কৰি উল্লেখ কৰে “ভাৰতীয় বায়ু সেনাৰ শক্তিশালী চুখই-৩০ এমকেআই যুঁজাৰু বিমানত উৰা মাৰিবলৈ মোৰ বাবে এক আনন্দদায়ক অভিজ্ঞতা আছিল।”তেওঁ এয়া এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি কয় “ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ স্থল, বায়ু আৰু সাগৰৰ সকলো সীমা সামৰি ল’বলৈ যথেষ্ট সম্প্ৰসাৰিত হৈছে। মই ভাৰতীয় বায়ু সেনা আৰু বায়ু সেনা কেন্দ্ৰ তেজপুৰৰ গোটেই দলটোক এই উৰণৰ বাবে আয়োজন কৰাৰ বাবে অভিনন্দন জনাইছো” ৷উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি গৰাকীক বিমানখনৰ কাৰ্যকৰী ক্ষমতা আৰু ভাৰতীয় বায়ু সেনাৰ বিষয়েও ইয়াত অৱগত কৰা হয়। তেওঁ বায়ুসেনাৰ কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে বুজ লৈ এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে।উল্লেখ্য যে দেশৰ অন্যতম যুঁজাৰু বিমান চুখই ৩০ এমকেআইত ৰাষ্ট্ৰপতিৰ চমু উৰণ হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ হিচাপে সশস্ত্ৰ বাহিনীৰ স’তে তেওঁ জড়িত হোৱা প্ৰচেষ্টাৰ এক অংশ।উল্লেখযোগ্য যে,ৰাষ্ট্ৰপতি মুৰ্মুৱে যোৱা মাৰ্চ মাহত দেশৰ নৌসেনাৰ আই এন এছ বিক্ৰান্ত ভ্ৰমণ কৰি থলুৱাভাৱে নিৰ্মিত জাহাজখনত থকা বিষয়া আৰু নাৱিকসকলৰ স’তেও মত বিনিময় কৰিছিল।আজি উৰণ সমাপ্ত কৰি তেওঁ কিছু সময় জিৰণি লোৱাৰ পাছত দুপৰীয়া ১২.২৮বজাত দিল্লীলৈ উৰা মাৰে।প্ৰনিধানযোগ্য যে,দেশৰ প্ৰতিৰক্ষাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হোৱা ৰাষ্ট্ৰপতি গৰাকীক ৰাজ্যৰ ৰাজ্যপাল গুলাব চাঁদ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ পল্লৱ লোচন দাস, অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকা,এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া এছ এন সিং, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই চৰকাৰী নিয়ম অনুসৰি অভিবাদন জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More