ধলপুৰৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

একে বছৰতে কেবা কোটি টকীয়া মথাউৰিৰ সুৰক্ষাবান্ধ বিপন্ন

0 42

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২২ জুনঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ জামুগুৰিৰ বনপুৰৈত বহ্মপুত্ৰ নদীয়ে এতিয়া প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে। উক্ত খহনীয়া ৰোধৰ বাবে ২০২১-২২ বৰ্ষত অসম চৰকাৰে এক ব্যয়বহুল আঁচনি গ্ৰহণ কৰিছিল৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২ কোটি ৬২ লাখ ৮৪ হাজাৰ টকাৰে জলসম্পদ বিভাগে খহনীয়া অংশ আৰু মথাউৰিৰ সুৰক্ষা বান্ধ মেৰামতি কৰিছিল। উন্নত প্ৰযুক্তিৰ জিঅ’ টিউৱ আৰু জিঅ’ (জম্বু) বেগৰ জৰিয়তে খহনীয়া স্থায়ী সমাধানৰ অভিলাষী আঁচনিখন দুবছৰ নহওতেই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ইতিমধ্যে জাহযোৱাৰ লগতে আৰু বহু অংশ খহনীয়াৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ প্ৰায় ডেৰকোটি টকাৰ ব্যয়েৰে মেৰামতি কৰা তিনি নং চেকবান্ধটো মথাউৰি দিশৰ পৰা নদীপৃষ্ঠৰ ফালে ক্ৰমে উচ্চতা কমি যোৱাৰ লগতে চেকবান্ধটোৰ নদীপৃষ্ঠৰ সন্মুখ ভাগ আৰু ইয়াৰ সোঁ আৰু বাওঁ অংশ ফালে অতি থিয়কৈ জিঅ’ বেগ সমূহ জাপি দিয়াত জলপৃষ্ঠ তলৰ অংশৰ পৰা বেগ সমূহ বিভিন্ন সময়ত পৰি যোৱা দৃষ্টিগোচৰ হৈছে ৷ একেদৰে তিনি নং চেকবান্ধৰ পৰা পশ্চিম দিশলৈ নিৰ্মাণ কৰা মথাউৰি তলত জম্বুবেগ সমূহ তলত পদ্ধতিগতভাৱে সংস্থাপিত নকৰি ছেদেলিভেদেলি কৰি জেচিবিৰ জৰিয়তে পেলাই দি ওপৰৰ অংশত জিঅ’ টিউৱ সমূহ দিয়া হয় ৷ সঠিক ভাবে সংস্থাপিত নকৰা জম্বুবেগ সমূহ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহযোৱাত ওপৰৰ জিঅ’ টিউৱ সমূহ অচিৰেই খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে ৷ কোটি টকীয়া অভিলাষী আঁচনিখন এবছৰৰ ভিতৰতে তচনচ হৈ পৰাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More