মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃতেজপুৰত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুলাইঃ মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাটনৰ ঘটনাৰ সুবিচাৰ দাবীৰে আৰু এই জঘন্য কাণ্ডৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া কৰি তেওঁলোক আটাইৰে পদত্যাগ দাবী কৰিছে কংগ্ৰেছে৷আজি তেজপুৰত শোণিতপুৰ জিলা মহিলা কংগ্ৰেছে মণিপুৰৰ জঘন্য নাৰী নিৰ্যাটনৰ ঘটনাৰ বিৰুদ্ধে তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মণিপুৰৰ ঘৃণনীয় ঘটনাক গাঁপ দিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো ক্ষুৰধাৰ সমালোচনা কৰে৷শোণিতপুৰ জিলা মহিলা কংগ্ৰেছে কয় যে,ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মণিপুৰৰ এই জঘন্য কাণ্ডকলৈয়ো ৰাজনীতি কৰিবলৈ গৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত ধৰ্ষণৰ প্ৰতিযোগিতা পাতিবলৈ বিচৰা বুলি মন্তব্য কৰে৷কেৱল মণিপুৰতে ধৰ্ষণ হোৱা নাই,পশ্চিমবংগ,ৰাজস্থান আৰু চত্তিশগড়তো ধৰ্ষণ হয় বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কৰা মন্তব্য অতি ঘৃণনীয় বুলি উল্লেখ কৰি শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তৰুলতা দাস গোৱলা আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ধৰ্ষণৰ প্ৰতিযোগিতা পাতিবলৈ বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰে৷মণিপুৰত কেৱল দুগৰাকী নাৰীকে ধৰ্ষণ তথা উলংগ কৰি ৰাজপথত খোজকঢ়োৱাৰ দৰে মানৱজাতিক লজ্জানত কৰা দুস্কাৰ্যৰ বিপৰীতে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত এনে বহু ঘটনা সম্প্ৰতি মণিপুৰত হৈ থকা বুলি দিয়া ভাষ্যক অতি তুলুঙা বুলি মন্তব্য কৰি কংগ্ৰেছ নেত্ৰী কলিতাই কয় যে,নিৰ্যাতিতা মহিলা দুগৰাকীৰ এজাহাৰ গ্ৰহণ কৰিবলৈ মণিপুৰ আৰক্ষীয়ে অস্বীকাৰ কৰাৰ পৰাই ৰাজ্যখনত মহিলাৰ কোনো নিৰাপত্তা নথকা কথাটো প্ৰতিপন্ন কৰিছে৷মণিপুৰৰ এই দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাতন সমগ্ৰ নাৰীৰ ওপৰতে চলোৱা নিৰ্যাতন বুলি মন্তব্য কৰি কলিতাই মণিপুৰত শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ দাবী জনাই কয় যে দেশৰ ৰাষ্ট্ৰপতি গৰাকী যিহেতু এগৰাকী মহিলা গতিকে তেওঁ মহিলাৰ এই চৰম নিৰাপত্তাহীন অৱস্থাক উপলব্ধি কৰিব পাৰিব৷শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ অংশগ্ৰহণৰে তেজপুৰত জিলা কংগ্ৰেছে ৰূপায়ণ কৰা এই প্ৰতিবাদী সমদলত মহিলা কংগ্ৰেছৰ সদস্যা সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়,মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰক,ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক,মহিলাৰ সুৰক্ষা নিশ্চিত কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷তেজপুৰ স্হিত ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰা জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলৰ হৈ প্ৰদেশ মহিলা কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ বিস্ফোৰক পৰিস্থিতিৰ ৭৮দিনৰ পাছত মাত্ৰ ৩৬চেকেণ্ড সময় মণিপুৰৰ প্ৰসংগ উল্লেখ কৰি তাতো ৰাজনীতিৰ আশ্ৰয় লোৱা কাৰ্যক ধিক্কাৰ দি বেটী বচাও বেটী পঢ়াও শ্ল’গান আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনতেই আটাইতকৈ অধিক নাৰী নিৰ্যাতনৰ সন্মূখীন হোৱাৰ লগতে নাৰীয়ে নিজৰ নিৰাপত্তাৰ বাবে ৰাজপথলৈ ওলাই আহিব লগীয়া হোৱা বুলি ক্ষোভ উজাৰি এইসকলৰ পদত্যাগ দাবী কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More