ধলাইবিলত বিজেপি পঞ্চায়ত সদস্যৰ আক্ৰমণত আহত যুৱক

0 6

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭আগষ্টঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টি অন্তৰ্গত ধলাইবিলৰ চামধৰা গাঁও নিবাসী দিব্যজ্যোতি নাথ নামৰ এজন যুৱকক যোৱা নিশা এটা প্ৰায় ১৫জনীয়া দলে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ বৰ্তমান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱকজনে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় চাৰে সাত বজাত তেওঁক সমীপৰ পথত এখন নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰে আগচি ধৰি দলটোৱে আক্ৰমণ চলায়৷এই আক্ৰমণ পবিত্ৰ শইকীয়া আৰু তেওঁৰ ভিনিহিয়েক তথা পঞ্চায়ত সদস্য গনেশ হালৈৰ নেতৃত্বত তেওঁলোকৰ অঙহী বঙহীয়ে চলোৱাৰ অভিযোগ তুলি আহত নাথে কয় যে,হালৈ বিজেপি দলৰ সদস্য৷ আনহাতে তেওঁ চতিয়া সমষ্টিত বিজেপি দলৰ কামৰ বিষয়ে মুখপুথিত দিয়া পোষ্টৰ বাবেই খৰ্গহস্ত হৈ এই আক্ৰমণ চলায়৷ নিশা তেওঁ মাংস আনিবলৈ যোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰি লগতে কয় যে,ইয়াৰপূৰ্বেও তেওঁৰ ঘৰত আক্ৰমণ চলিছিল৷আনহাতে এনেবোৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে বুলি তেওঁ অভিযোগ কৰি লগতে কয় যে,আক্ৰমণকাৰীয়ে ৰাজনৈতিক ৰক্ষণাবেক্ষণ লাভ কৰি থকাৰ বাবেই এনে ঘটনা বাৰেবাৰে সংঘটিত হৈ আহিছে৷যোৱানিশা বাঁহ আৰু চোকা অস্ত্ৰৰে তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল বুলি অভিযোগ কৰা আহত যুৱকজনৰ পৰিয়ালে ঘটনাসন্দৰ্ভত জামুগুৰি থানাত এজাহাৰ দাখিল কৰাৰ লগতে তেওঁৰ অধিবক্তা ভগ্নীয়ে বিষয়টোৰ প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ দৃষ্টি আকৰ্ষণ কৰি এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে৷ যুৱকজনে মূৰ,মুখমণ্ডলৰ লগতে ভৰি আদি শৰীৰৰ বিভিন্ন অংগত আঘাত পাইছে এই আক্ৰমণৰ ঘটনাত৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More