এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া হৈছে হাবাথুৰি

আৰক্ষীয়ে নলয় অভিযোগ

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷তেজপুৰত সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে নিৰ্যাতিতা মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীয়ে৷ তদুপৰি অভিযুক্ত ধৰ্ষণকাৰীয়ে মহিলাগৰাকীক ব্লেকমেইল কৰাৰো অভিযোগ উঠিছে৷ সম্প্ৰতি এই জঘন্য ঘটনাৰ বলি হোৱা মহিলা গৰাকীয়ে ন্যায় প্ৰাপ্তিৰ আশাত বন্দী হৈ ঘটনাৰ সৱিশেষ প্ৰকাশ কৰিছে৷ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ মতে দলৱদ্ধ ধৰ্ষণৰো বলি হৈছিল তেওঁৰ পত্নী৷উল্লেখযোগ্য যে, প্ৰায় এটা মাহৰ পিছত এগৰাকী ধৰ্ষিতা মহিলাই মুখ খুলিছে সংবাদ মাধ্যমৰ আগত৷ ইতিমধ্যে কাষ চাপিছে শোণিতপুৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ৷উল্লেখযোগ্য যে,মহিলা গৰাকীৰ স্বামী পেশাত এজন টেম্প’ চালক আৰু সেই সূত্ৰেই চিনাকী হৈছিল মেকানিক জনৈক ৰফিকুল ইছলাম নামৰ যুৱকজনৰ স’তে৷ পাছলৈ অভিযুক্ত ৰফিকুলৰ সঘন অহাযোৱা চলিছিল ভুক্তভোগী মহিলা গৰাকীৰ ঘৰলৈ৷ইয়াৰ মাজতে ঘৰত মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগত মহিলা গৰাকীয়ে ঘৰত গা-ধোৱাৰ দৃশ্য গোপনে মোবাইলত বন্দী কৰে অভিযুক্ত ৰফিকুলে আৰু পৰৱৰ্তী সময়ত মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে৷ অভিযোগ মতে,এনেদৰে মহিলা গৰাকীৰ পৰা টকাও সৰকাইছিল অভিযুক্ত মেকানিক ৰফিকুলে৷এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পিছতে যোৱা তিনি জুলাইত মহিলা গৰাকীক অপহৰণ কৰে ৰফিকুলে৷ হঠাতে এখন বাহনত বলপূৰ্বক তুলি নি অচিনাকী নিৰ্জন ঠাইত আৱদ্ধ কৰি ধৰ্ষণ কৰাৰ লগতে মাৰপিটো কৰা বুলি ৰফিকুলৰ বিৰুদ্ধে অভিযোগ কৰা মহিলাগৰাকীয়ে কয় যে এনেদৰে আৱদ্ধ হৈ থকাৰ পিছত তেওঁ সুযোগ বুজি আৱদ্ধ হৈ থকা স্হানৰ পৰা পলায়ন কৰা মহিলা গৰাকীক পুনৰবাৰ আদবাটৰ পৰাই কৌশলেৰে ৰফিকুলে নিজৰ ঘৰলৈ নি ৰাখিব বিচাৰিছিল৷ মহিলাগৰাকীক ৰফিকুলে হিন্দু ধৰ্মাৱলম্বীৰ বাবে অভক্ষ মাংস খুৱাবলৈও অপচেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে৷ইয়াৰ মাজতে মহিলা গৰাকীয়ে স্বামীক ফোনযোগে সমস্ত কথা ক’বলৈ বাধ্য হয় আৰু স্বামীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰা হয়৷ইফালে এই ঘটনাৰ বিষয়ে ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যাওঁতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰথমাৱস্থাত এজাহাৰ ল’বলৈ অমান্তি হোৱা আৰু সমাজলৈ ভয় কৰি বাট চাওঁতে এমাহ ওকলে যদিও মহিলা গৰাকী শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপে৷এই সময়ত মহিলা গৰাকীৰ ওপৰত অভিযুক্ত ৰফিকুলে বিভিন্ন হেঁচা দিয়াৰো অভিযোগ উঠিছে৷পাছত ন্যায় প্ৰাপ্তিৰ আশাত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক লগ ধৰি এজাহাৰো সবিশেষ জনোৱাত মহিলাগৰাকীক আদালতৰ কাষ চপাৰ পৰামৰ্শ আগবঢ়োৱা হয় যদিও মহিলাগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ কাষ চপাত ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে মহিলাগৰাকীক ফোন কৰি পিছদিনা তেওঁৰ এজাহাৰ গ্ৰহণ কৰাৰ লগতে তেজপুৰ আদালতত তেওঁৰ ভাষ্য গ্ৰহণৰ ব্যৱস্থা কৰে বুলিও কয় মহিলাগৰাকীয়ে৷ইফালে পত্নীৰ ওপৰত এনে দুস্কাৰ্য সংঘটিত হোৱাত মানসিকভাৱে ভাগি পৰিছে স্বামী৷ স্বামীৰ মতে পত্নীক অপহৰণ কৰি নি ৰফিকুলে ধৰ্ষণ কৰাৰ লগতে দলবদ্ধভাৱে ধৰ্ষণো কৰাইছিল৷ইপিনে অভিযুক্ত ৰফিকুলৰ বিৰুদ্ধে ঠেলামৰা থানাত পূৰ্বৰে পৰা আন এক গোচৰ ৰুজু হৈ আছে আৰু সেই গোচৰ ৰফিকুলৰ পত্নীয়েই দিয়া বুলিও ভুক্তভোগী মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে৷ সম্প্ৰতি ৰফিকুলৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লেও আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ অভিযুক্ত ৰফিকুলক কৰায়ত্ত কৰাৰ পিছত এই ঘটনাৰ সৱিশেষ পোহৰলৈ আহিব যদিও এই পৰ্যন্ত অভিযুক্ত কৰায়ত্ত নোহোৱাত হতাশাত ভূগীছে ভুক্তভোগী পৰিয়ালটোৱে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More