নৰ্থ লখিমপুৰ কলেজ আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত আলোচনা-সত্ৰ

অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন সম্পৰ্কে মনোজ্ঞ আলোচনা

0 290

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ  ভাৰতীয় সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আজি  ‘অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ সম্পন্ন হৈ যায়৷IMG 20220808 WA0010 আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে প্ৰিয়ংকা হাজৰিকা আৰু প্ৰেৰণা চমুৱাই৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই সভাপতিত্ব কৰা আৰু দৰ্শন বিভাগৰ মুৰব্বী ড॰ বৰ্ণালী বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমিৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ অনুষ্ঠান প্ৰাধিকাৰী ড॰ মিহিৰ কুমাৰ চাহুৱে৷ ভাষণ প্ৰসঙ্গত চাহুৱে সাহিত্য অকাদেমিয়ে যুৱ সাহিত্যিকৰ বাবে আগবঢ়োৱা বিভিন্ন সুবিধাৰ বিষয়ে বিৱৰি কয়৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিষয়টো বিশ্লেষণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড॰ বসন্ত কুমাৰ গোস্বামীয়ে৷ বীজ ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্য সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধাপিকা ড॰ কৰবী ডেকা হাজৰিকাই৷ উদ্বোধনী অনুষ্ঠানতে চলিত বৰ্ষত অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট চিত্ৰশিল্পী চন্দ্ৰকমল গগৈক সম্বৰ্ধনা জনোৱা হয়৷ ড॰ মিহিৰ কুমাৰ চাহুৱে নৰ্থ লখিমপুৰ কলেজৰ সুন্দৰ আয়োজন আৰু উপস্থিত শ্ৰোতা দৰ্শকৰ সজীৱ অংশগ্ৰহণৰ ভূয়সী প্ৰশংসা কৰে৷ ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-সত্ৰৰ প্ৰথম কাৰিকৰী বৈঠকত গৱেষণা পত্ৰ পাঠ কৰে ক্ৰমে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অজিৎ ভৰালী, গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড॰ স্মৃতিৰেখা ভূঞা আৰু গোলাঘাটৰ এইচ. পি. বি. মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি বৰাই৷ তেওঁলোকে অসমীয়া উপন্যাস, ভ্ৰমণ সাহিত্য আৰু চুটিগল্পত ব্যৱহৃত গদ্যৰ বিৱৰ্তন সম্পৰ্কে আলোকপাত কৰে৷ IMG 20220808 WA0011আলোচনা-সত্ৰৰ দ্বিতীয় তথা অন্তিম সত্ৰৰ সঞ্চালনা কৰে বিশিষ্ট ঔপন্যাসিক তথা গদ্য লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে৷ এই সত্ৰত সাম্প্ৰতিক অসমীয়া চুটিগল্পৰ গদ্যৰ বিৱৰ্তন সম্পৰ্কে আলোচনা কৰে বিশিষ্ট গল্পকাৰ তথা ‘সাতসৰী’ আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই৷ বিশিষ্ট গদ্য লেখক তথা চিন্তাবিদ ময়ূৰ বৰাই মূলতঃ ঊনবিংশ শতিকাত অসমীয়া গদ্যই লাভ আধুনিক ৰূপটোক ভিত্তি হিচাপে লৈ লিখা এখন গৱেষণা-পত্ৰ পাঠ কৰে৷ সাহিত্য সমালোচক তথা নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই ‘অসমীয়া জীৱন-উৎকৰ্ষমূলক গদ্য সাহিত্য লিখন কৌশলৰ বিৱৰ্তন’ বিষয়টো আনন্দৰাম ঢেকিয়াল ফুকন, সত্যনাথ বৰা, হোমেন বৰগোহাঞি আৰু দেৱকান্ত সন্দিকৈৰ ৰচনাৰ উল্লেখেৰে বিশ্লেষণ কৰে৷ আজিৰ অনুষ্ঠানটিৰ বিভিন্ন কাৰ্যসূচীত অংশ লয় ড॰ স্বপ্নালী গগৈ, ড॰ হেমন্ত শৰ্মা, ড॰ ধনৰঞ্জন কলিতা, ড॰ ৰাতুল কুমাৰ লাহন, ড॰ নন্দিতা দত্ত, মুনমী দত্ত, ড॰ ধীৰাজ পাটৰ, মেঘালী দত্ত, পৰেশ খনিকৰ, অসীম শইকীয়া, শোভাকৃষ্ণা ফুকন, পূবালী বৰা, প্ৰাৰ্থনা দত্ত, সঞ্জয় আচাৰ্য আদিয়ে৷ অনুষ্ঠানটি সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোকে আলোচনা-সত্ৰৰ সমন্বয়ক ড॰ অৰবিন্দ ৰাজখোৱাই কৃতজ্ঞতা জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More