অৰুণাচল যাত্ৰা, য়েছে দৰজে ঠংচি ইত্যাদি…

0 184

শৈলেন বৰুৱা


এম এ পৰীক্ষা দি উঠি ৬ টা ট্ৰাংকত কিতাপ পত্ৰবোৰ লৈ গুৱাহাটীৰ পৰা নাইট ছুপাৰত উঠি দিলোঁ, ঘৰলৈ বুলি…
আৰু নপঢ়োঁ !
ঘৰতে আছো।কেইদিনমানৰ পিছতে মোৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু শৰৎ তালুকদাৰ ছাৰে পাঠশালাৰ পৰা ফোন কৰি খবৰ ললে। কি কৰিছো, কি কৰিবা আদি সুধিলে।

নাই ছাৰ ,একো নাই আৰু নপঢ়ো বুলি ভাবিছোঁ।মোৰ খাৰাংখাছ উত্তৰ। ছাৰে ক’লে–গুৱাহাটীতে বি এড কৰাহি, তাৰ মাজে মাজে চাকৰিও বিচাৰি থাকিব পাৰিবা।

ছাৰৰ আইডিয়াটো পচন্দ হ’ল।

আকৌ দুটা ট্ৰাংকত কিতাপ পত্ৰবোৰ ভৰাই জালুকবাৰীত নামিলোঁ। ( এই যে ট্ৰাংকত কিতাপ পত্ৰ ভৰাই লৈ ঘূৰি ফুৰোঁ লিখিছোঁ, এই সকলোবোৰ পাঠ্যপুথি নহয়, এইবোৰ মোৰ বাৰে প্ৰয়োজনীয় আন কিতাপহে, যিবোৰ এৰি থৈ দীৰ্ঘদিনৰ বাবে মই ক’তো থাকিব নোৱাৰোঁ।)

ফৰেষ্ট স্কুলৰ সমীপৰ দোকানী গণেশ দা, পংকজ দা, শচীন আদিৰ পৰা “চিৰ বিদায়” লৈ যোৱাৰ ১৫/২০ দিনৰ ভিতৰতে পুনৰ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি যোৱাৰ দৰে সিহঁতৰ মাজলৈ ঘূৰি যোৱাত ফৰেষ্ট স্কুলৰ সন্ধিয়াৰ আড্ডাবোৰ পুনৰ জীপাল হৈ উঠিল।

লংকেশ্বৰত বি এড পঢ়োঁ। সন্ধিয়া ফৰেষ্ট স্কুলত আড্ডা। বি এড কৰাৰ মাজতে যে চাকৰি বিচৰাৰ কথা আছিল, পাহৰিয়েই আছিলোঁ। আচলতে দিনটো কলেজত ক্লাছ কৰি, অৰিয়েণ্টেচনৰ কাম, নানা অনুষ্ঠানৰ আয়োজন আদিৰ বাবে আহৰিয়েও নাপাও, সন্ধিয়া নিজৰ বুলিবলৈ সেই আড্ডাকণ।
এদিন নগাঁৱৰ বন্ধু (সহপাঠী নহয়) ৰিপুঞ্জয় শৰ্মাই মোৰ সন্মুখত আছাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো মেলি আঙুলিয়ালে—চাকৰি ওলাইছে, তেজুত, অৰুণাচল। বলা যাওঁ….

তেজু তেতিয়ালৈকে মোৰ বাবে অচিনাকী। তেজুত তেতিয়া গৰম নে ঠাণ্ডা? তেজু পাহাৰৰ ওপৰত নে সমতলত আদি জনাৰ বাবে তেতিয়া গুগল প্ৰসূতি গৃহত থিত লোৱাই নাছিল চাগে। ললেও সেইবোৰ তেতিয়া আমাৰ বাবে অস্পৰ্শী দেৱতুল্য পৰসাদ আছিল।

মোৰ হাতত থকা ভাল ইংৰাজী ভূচিত্ৰাৱলী এখন উলিয়াই তেজুৰ contour lineবোৰ হিচাপ কৰিলো, মাজে মাজে তিনিচুকীয়াৰ কণ্টৰ লাইনৰ লগত তুলনা কৰি এই সিদ্ধান্তলৈ আহিলোঁ যে তেজু প্ৰায় সমতল আৰু তিনিচুকীয়াৰ লগত উচ্চতাৰ বিশেষ ব্যৱধান নাই।সেয়ে তেজুলৈ যাবলৈ সেই সময়ত গৰম কাপোৰৰ প্ৰয়োজন নাই।20220808 172620

পিছে হোটেল বা আছে নাই তেজুত? থাকিব থাকিব যেন লাগিছে। নাথাকিলেও এৰাতি দুৰাতি ক’ৰবাত পৰি থাকিম আৰু….

সেইদিনা মোৰ তীৰকঁপে জ্বৰ। তথাপি তেজুলৈ বুলি শৰ্মাৰ লগত আহি পল্টন বজাৰত নেটৱৰ্ক বাছত উঠিলো। তেজুলৈ ডাইৰেক্ট গাড়ী নাই। নামচাইলৈ যোৱা গাড়ীত উঠিলোঁ।

ৰিপুঞ্জয় শৰ্মাই কিবা এটা আনোগৈ বুলি নামি গ’ল। বাছ এৰিবৰে হল, শৰ্মা ঘূৰা নাই। মোৰ টেনচন। অলপ অলপকৈ বাছ আগুৱালে, শৰ্মা নাই। মই উঠি গৈ কেবিনত চালক, হেণ্ডিমেনক ক’লো। মোৰ কথাত তেঁওলোকে বৰ গুৰুত্ব নিদিলে।মোৰ টেনচন বাঢ়িছেহে বাঢ়িছে,শৰ্মা নাই ।

শৰ্মা নহলেও মই যাব পাৰিম, কিন্তু মই যে জ্বৰত ভূগি আছো, বাটত কিবা এটা হ’লে কোনে চাব? কিবাকে হানি হলে মোৰ ভেলটোৰ কি হব?সেয়ে শৰ্মাৰ সাহসতে, সাৰথ্যতে মৰসাহ কৰি আহিছিলোঁ। শৰ্মাৰ অবৰ্তমানে মোক সেইবাবে খুলি খুলি খাইছে।

গাড়ী উলুবাৰী পাৰ হৈ গ’ল। শৰ্মাবিহীন ভাবেই মই ১০৪ ডিগ্ৰীমান জ্বৰ গাত লৈ যাব লাগিব। যি হয় হ’ব। উপায়তো নাই। ছীটটো বেকা কৰি হেলান দি পৰি দিলোঁ….মনত ভাবৰ অনেক বুৰবুৰণি…

নগাঁৱৰ মনালিছা হোটেলৰ সন্মুখত নাইট ছুপাৰ ৰ’ল। দেহত জ্বৰ আছেই, কিবা এটা খাব লাগে, কিন্তু দেহাই বিচৰা নাই, অৰুচি। তথাপি নামি দিলোঁ, পাৰিলে ৰুটি এচটাকে টানি টানি চোবাম, নহলে ওৰে নিশা লঘোণে থাকিলে লেবেজান হৈ পৰিম।
গাড়ীৰ পৰা নামিয়েই সন্মুখত ভূত দেখাৰ দৰে দেখিলো ৰিপুঞ্জয় শৰ্মাক।যথাবিহিত তেওঁক মই গালি দিব লাগিছিল, নিদিলোঁ। তেঁও পিছৰ এখন বাছত আহি নগাঁও পালেহি…

ৰক্ষা! এতিয়া আদবাটত মৰিলেও চিন্তা নাই! ভেলটো অন্ততঃ সন্মুখত লৈ ঘৰৰ মানুহে হিয়ালি জিয়ালিকৈ কান্দিব পাৰিব।

পুৱা তিনিচুকীয়াত বাছ ৰ’ল। চকুৱে মুখে পানী মাৰি ফিকা চাহ একাপ গলত পেলালোঁ। জ্বৰটো কমিছে। বাছে পুনৰ চেকুৰ মেলিলে।নতুন ঠাই এখন দেখাৰ আশাত মোৰ মনটোৱেও ঘোঁৰাই ছুটি মেলাদি মেলিলে।

কাকপথাৰৰ ওচৰত বাছ ৰ’বলৈ বাধ্য হ’ল।সন্মুখত শিল, ইটাৰ টুকুৰা লৈ কেইজনমান আদিবাসী ল’ৰা।
বন্ধ অমান্য কৰি কিয় বাছ চলাইছে, গৰজি উঠিল নেতাজাতীয় দুজনমান। বাছৰ পৰা নমা আমি কেইজনমানে ক’লো-আমি বন্ধ বুলি নাজানো, সেয়েহে…অনুগ্ৰহ কৰি আমাক যাবলৈ দিয়ক।এজনে পিছ পকেটৰ পৰা সামৰি সুতৰি থোৱা প্ৰতিদিন এখন উলিয়াই মাজৰ পৃষ্ঠা এটা আমাৰ আগত দাঙি ধৰিলে–দেখা নাই , বন্ধ হব বুলি নিউজ ওলাইছে। পেপাৰ নপঢ়ে নেকি?
আমাৰ মুখৰ মাত হেৰাল
হায় বিধি! ক’ত মৰো এতিয়া
নহা হ’লেই ভাল আছিল নেকি!

১০ মিনিটমান সকলো স্থবিৰ। পিছত ড্ৰাইভাৰক কিছু সকীয়নি দি আমাৰ বাছখন এৰি দিলে। এবললৈ ৰক্ষা।

ডিৰক গেট পাৰ হৈ বাছ অৰুণাচলত সোমাল। গৈ গৈ এঠাইত পথটোৱে পথালি পথ এটাত লাগিছেগৈ। বাওঁফালে নামচাই, সোঁফালে তেজুলৈ যায়। বাছে আমাক তাতে নমাই ক’লে-অলপ ৰ’লেই তেজুলৈ যোৱা বাছ পাব। বাছখন নামচাইৰ ফালে ফু ফুৱাই গুচি গ’ল।

দুটা বেগ লৈ শৰ্মা আৰু মই তেজুৰ দিশে পথৰ কাষতে ৰ’লো। নতুন ঠাইখন কেতিয়াকৈ যে পামগৈ…
অৰুণাচল টেন্সপৰ্টৰ বাছ এখন আহিল। উঠি দিলোঁ। গৈ গৈ আলুবাৰী ঘাটত বাছ ৰ’ল।সন্মুখত নদী, নাৱেৰে পাৰ হ’ব লাগিব। ঘাটতে ব্ৰেকফাষ্ট বুলি কিবাকিবি খাই ল’লো। জ্বৰ কমিছে যদিও দেহাটো অৱশ অৱশ লাগি আছে। নদীখন হাত নাৱেৰে পাৰ হৈ সিপাৰত ৰৈ থকা বাছ এখনত উঠিলোঁ। বাছে গতি ল’লে ।20220808 172640 কিছুদূৰ যোৱাৰ পিছত পুনৰ এখন নদী।এইবাৰ বাছ চিধাই গৈ ডাঙৰ নাও এখনত উঠি দিলেগৈ। অদ্ভূত যেন কাৰবাৰ! নাও চলি ইটো পাৰত ৰোৱাৰ লগে লগে নাৱৰ পৰাই বাছে বামলৈ গতি ল’লে। গৈ আছো, গৈ আছোঁ। আকৌ এখন নদী।এইখন বোলে লোহিত।দেখিলেই পিলাই চমকি উঠে, যিহে ঢৌ।পানীবোৰে শিলৰ ওপৰেৰে বাগৰি খলখলাই নামি আহিছে। ইয়াত নাৱেৰেই পাৰ হ’ব লাগিব। বাছ নাযায়। উঠিলো কুৰিজন মান যাত্ৰী। নাওখন লগী বা বঠাৰে বাই নিয়া নাও নহয়, মেচিনো নাই। নাৱৰ সন্মুখৰ টিঙত বন্ধা দীঘল প্লাষ্টিকৰ ৰচিডাল পাৰৰ পৰা ১৬ জন বিহাৰীয়ে উজাই টানিছে। তামাম সোঁত। গুৰিয়ালে গুৰি ধৰিছে, সন্মুখৰ টিঙত এজনে লগী এডালেৰে টিঙটো পাৰত নালাগিবলৈ থেলি থেলি আগুৱাইছে। মোৰ বাবে আজৱ কাৰবাৰ। কুৰিজনমান যাত্ৰী, নাৱৰীয়া মুঠ ১৮ জন। আজৱ নহৈ কি! পাৰেদি ১৬ জন মোটোহা মোটোহ বিহাৰীয়ে ৰচি দাল টানিছে, সোঁত ফালি নাওখন লাহে লাহ উজাইছে। বহুদূৰ উজাই যোৱাৰ পিছত একোবত পাৰৰসকলে ৰচিডাল এৰি দিলে আৰু আগৰ টিঙত থকাজনে খৰকৈ লগী ডালেৰে নাওখন সিপাৰলৈ থেলি আছে।
মাথাটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল, তীব্ৰ গতিত নাও ভটিয়াই তেজুৰ দিশৰ পাৰটোত লাগি গ’ল। সিটো পাৰলৈ চাই দেখো–সৌখিনিত নাৱত উঠিছিলো, উজাই উজাই সৌখিনিত নাওখন থিতাতে ভটিয়াই এইখিনিত ৰৈ গ’ল। তীব্ৰ সোঁতৰ বাবেই এনেকৈ নাও চলাব লগীয়া হয়।
পাৰত পুনৰ বাছ এখনত উঠিলো। উঠিয়েই সুধিলো–আৰু নদী পাৰ হব লাগিব নেকি? নালাগে।চিধা তেজু পাই যাব।
মুখলৈ পানী আহিল, সেপ ঢুকি মনক প্ৰবোধ দিলো– ধৈৰ্য ধৰ, পাই যাম আৰু… বেছি পৰ নাই।20220808 172653

খুব বেছি অকোৱা পকোৱা পথ নাই। সমতলেই।দুয়োকাষে পাতলীয়া হাবি, মাজে মাজে ওখ ওখ গছ।তেজু পাম এতিয়া ….মনটো ভাল লাগি গৈছে। সেউজ সতেজ ভাব এটা দেহ মনলৈ নামি আহিছে…

অৰুণাচলৰ এখন সৰু চহৰ–তেজু। লোহিত জিলাৰ সদৰ ঠাই। থকা হোটেলৰ খবৰ ললো , আছে। তাৰে এখন হোটেলত সোমালোঁ। ফ্ৰেছ হৈ ওলাই আহিলোঁ দুয়ো।আন এখন হোটেলত দুপৰীয়াৰ ভাত বুলি আবেলি খালোঁ। ৰিপুঞ্জয় শৰ্মা আৰু মই খোজ কাঢ়িয়েই বিয়লি চহৰখন চালোঁ।পিছদিনা আমাৰ চাকৰি বিচৰাৰ সাক্ষাৎকাৰৰ স্থান ডি চি অফিচ। সেয়ে আগদিনাই ডি চি অফিচটো চাই আহিলোঁ।

পিছদিনা পুৱাই তেজুত মৰ্নিং ৱাক কৰি চহৰখন চালোঁ। হিমালয়ৰ পাদদেশৰ এখন শান্ত সমাহিত চহৰ। নদী আৰু উপত্যকাৰে বেষ্টিত তেজুৰ নৈসৰ্গিত দৃশ্য মন মুগ্ধকৰ। অৰুণাচলীৰ দপদপনিৰ বিপৰীতে চহৰখনত বিহাৰীৰ চকুতলগা আগ্ৰাসন, বিশেষকৈ ব্যৱসায়ত। বিহাৰী লোককে বেছিকৈ পালোঁ।
১০ বজাৰ আগতেই গা পা ধুই ৰেডি হলো। চাহ পুৰি খাই ১১ বজা মানত ডি চি অফিচ পালোঁগৈ।Walk in Interview. সেই উনা ইমানতে সামৰোঁ, নকও বহলাই। মুঠতে সাক্ষাৎকাৰ দিব লগা নহলেই, চাকৰি নাপাম বুলি আমি দুয়ো লগে লগে নিশ্চিত হ’লোঁ। ডি চি অফিচৰ কৰিড’ৰেদি খোজ কাঢ়ি আহি থাকোঁতে হঠাৎ এটা কোঠাৰ ফলকত দেখিলো–
Y D Thongchi
D C
Lohit District
তভক মাৰি ৰলো। শৰ্মাই একো বুজা নাই। ফলকখনলৈ আঙুলিয়াই দেখুৱালোঁ। এখেত নিশ্চয় য়েছে দৰজে ঠংচিয়েই হ’ব। অসমীয়া ভাষাত যে লিখা মেলা কৰে। শৰ্মাই ইয়াৰ পূৰ্বে ঠংচিৰ নাম শুনিছেনে নাই নাজানোঁ। সোধাও নহল।শৰ্মাক ক’লো বলক এবাৰ তেখেতক লগ কৰি আহো…মই ভবাজনেই হ’ব লাগে…


তেতিয়ালৈকে (এয়া প্ৰায় ২১ বছৰ পূৰ্বৰ কাহিনী কৈ আছো) য়েছে দৰজে ঠংচিৰ কি পঢ়িছিলোঁ , মনত নাই। তেখেতৰ তেতিয়ালৈকে কিমান কিতাপ প্ৰকাশ হৈছিল, তাকো নাজানো। মুঠতে মাজে মাজে কাকত-আলোচনীত তেখেতৰ নামটো আৰু লেখা দেখিছিলোঁ বাবে নামটোৰ সৈতে মোৰ পৰিচয় আছিল আৰু তেখেত যে অৰুণাচল চৰকাৰৰ এজন প্ৰশাসনিক বিষয়া, সেয়া জানিছিলোঁ।ঠংচিদেৱ যে লোহিত জিলাৰ উপায়ুক্ত হৈ আছে, তাকো নাজানিছিলোঁ।

অসমীয়াত লিখা মেলা কৰা মানুহজনক অৰুণাচলত আমি দুই যুৱকে লগ কৰিলে, তেখেতেও নিশ্চয় বেয়া নাপাব–তেনে ভাবিয়েই সম্ভ্ৰমৰে ওলগ লৈ তেখেতৰ কোঠাত প্ৰবেশিলোঁ।আমি তেজুলৈ যোৱা সঁচা কাহিনীটো তেখেতক ক’লো আৰু হঠাতে শ্বৰ্ট ফৰ্মত তেখেতৰ নাম ফলকত দেখি অসমীয়াত লিখামেলা কৰাজন তেখেত হয়নে নহয় তাকে জানিবলৈ বুলিহে লগ পাই যাও বুলি সোমালোঁ। আমাৰ অকপট স্বীকাৰোক্তি শুনি তেখেতে মিচিককৈ হাঁহি হয় হয় বুলিলে। কথা আমি অসমীয়াতে পাতিছিলোঁ। কিমান সময় কথা পাতিলোঁ? প্ৰথম চিনাকীৰ পিছতে পিৰিচ পিয়লাত চাহ আহিল। চাহ খাই পুনৰ কথা। অসমীয়া সাহিত্য সংস্কৃতিৰে কথা। কথা গৈ আড্ডাত পৰিণত হ’ল। তেখেতে পুনৰ একাপকৈ চাহৰ অৰ্ডাৰ দিলে। ক’বলৈ লাজ নকৰো যে তেতিয়ালৈকে মই ঠংচিদেৱৰ বিশেষ কিবা কিতাপ পঢ়িছিলোঁ বুলি মনে নধৰে।

তেখেতে চৰ্চা কৰা ভাষাটোৰ দুজন যুৱকে উপযাচি তেখেতৰ সৈতে চিনাকী হবলৈ গৈছে, তাৰে এজন (শৰ্মাৰ কথা নাজানো) চমজদাৰ শ্ৰোতা, ঠংচিদেৱক আৰু লাগে কি! লেখকৰ বাবে পঢ়ুৱৈৰ এটা সৰু মন্তব্যই মৃত সঞ্জীৱনীৰ কাম কৰে।
সম্ভৱতঃ য়েছে দৰজে ঠংচিৰো এনে ভাৱ অহাৰ বাবে আমাক ‘পাট্টা’ দি কথা পাতিবলৈ ধৰিলে।
ঘড়ী-ঘোঁৰা চোৱা নাছিলো যদিও দুঘণ্টামান কথা পাতিলো চাগে, দ্বিতীয় কাপ চাহ খাই লগত নিয়া য়াচিকা কেমেৰাৰে ফটো উঠিলো। তেখেতৰ পৰা বিদায় ললো….

ওলাই আহি শৰ্মাক ক’লো-দেখিলে এজন অনা অসমীয়া লোক হৈয়ো তেখেতে অসম, অসমীয়া আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ কিমান খবৰ ৰাখে। সেই কথোপকথন বা আড্ডাত ঠংচিদেৱে তেখেতৰ অসমীয়া শিক্ষাগুৰুসকলৰ স্মৃতি ৰোমন্থন কৰিছিল….


২০১০ চন। নেচনেল বুক ট্ৰাষ্ট, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব আৰু জিনিয়াছ একাডেমিৰ উদ্যোগত উত্তৰ লখিমপুৰত এখন ডাঙৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল।সেই গ্ৰন্থমেলাৰ এখন সভালৈ ঠংচিদেৱ আহিছিল। আয়োজক গোষ্ঠীৰ এজন হৈ তেখেতৰ লগত কথা বাৰ্তা পাতিছিলোঁ, ফটোও উঠিছিলোঁ। মই তেজুত তেখেতক প্ৰথম লগ পোৱা কথাটো উনুকিয়াইছিলোঁ।তেখেতে সৰলভাৱেই কৈছিল-মই পাহৰিছোঁ।
হয়, জীৱনত আমি কিমান মানুহ লগ পাওঁ, সকলোকে মনত ৰখা সম্ভৱ জানো!

মাজে মাজে ঠংচি ছাৰক অ’ত ত’ত লগ পাই থাকোঁ। কিন্তু ঘনিষ্ঠ নহয়, অৰ্থাৎ তেখেতে মোক দেখিলে “হেৰা শৈলেন ভালে আছানে?” জাতীয় কথা সুধিব পৰাকৈ মই তেখেতৰ বাবে “পৰিচিত” নহয়। সেইবাবে মোৰো আফচোচ নাই বা গা ঘেলাই ঘেলাই ঘনিষ্ঠ হোৱাবিধৰো শাৰীত নপৰোঁ।পিছে তেখেতক মোৰ ভাল লাগে, মোৰ মাতৃভাষাক আঁকোৱালি লৈ অৰুণাচলৰ পটভূমিত লিখা চমৎকাৰ বৰ্ণনাবোৰ…আঃ অনুপম অনুপম…
মোৰ পত্নীৰ অন্যতম প্ৰিয় সাহিত্যক য়েছে দৰজে ঠংচি।

সম্ভৱতঃ ২০১৪ চন। ঘুনাসূঁতি

সোৱণশিৰি পাৰ, ফাগুণৰ অবাধ্য বতাহজাকে নৈৰ বলুকাৰাশি উৰুৱাই আছে।মাজে মাজে নাকে কাণে উৰি অহা বালি-ধূলিয়ে চুমুক দি যায়।

কবি যোগেন টাইডৰ সেই বহু আকাংক্ষিত কবিতাৰ মেহফিল।নানাজনে কাব্য অনুভূতিৰে মুখৰিত কৰি তোলা অনুষ্ঠান।তালৈ আহিছিল ঠংচি ছাৰ। লগতে আহিছিল বিখ্যাত গল্পকাৰ অজন্তা।অনুষ্ঠানৰ শেষত ভাতৰ পাতত আমাৰ কাষতে ঠংচি ছাৰ আৰু অজন্তা। শ্ৰীমতীয়ে কিবা এবিধ মাংস খাম নাখাম কৰি থাকোতে ঠংচি ছাৰে মৃদুকৈ ক’লে-মেথোনৰ মাংস খাৱক। উল্লেখ্য যে সেই অনুষ্ঠানলৈ ঠংচি ছাৰ আহোতে ভৈয়ামৰ মিতুৰলৈ বুলি মোথোনৰ মাংস লৈ আহিছিল। অৰুণাচলী লোকে আমাৰ মিচিং জনগোষ্ঠীক ভৈয়ামৰ মিতুৰ বুলি পূৰ্বৰে পৰা গণ্য কৰি আহিছে। সেয়ে মিচিংসকলক লগ পাবলৈ আহিলে ভাৰে ভেটিয়ে লৈ অহাৰ দস্তুৰ আছে।

এনে ভ্ৰাতৃত্ববোধ অসমীয় আৰু অৰুণাচলীৰ বাবে “অমূল্য” পৰম্পৰা হোৱা উচিৎ।

২০১৯ চন, ফাটবিহুৰ বাকৰি

লোকাৰণ্য হৈ পৰা সেইবাৰৰ ফাটবিহুলৈ য়েছে দৰজে ঠংচি আৰু ময়ূৰ বৰাক নিমন্ত্ৰণ জনাইছিল। মূল সভাৰ পূৰ্বে নিমন্ত্ৰিত অতিথিসকলে জিৰণী লৈ থকা ঠাইত ইতিমধ্যে বহি আছিল ঠংচি ছাৰ।তালৈ মই ময়ূৰ দাক আগবঢ়াই লৈ গৈ আছোঁ। ময়ূৰ দায়ে কাণে কাণে ক’লে-ঠংচিদেৱৰ লগত মোৰ ব্যক্তিগতভাবে চিনা পৰিচয় নাই। মই লগে লগে ক’লো-ৰ’ব , মই চিনাকী কৰাই দিম।সেইমৰ্মে সাম্প্ৰতিক কালৰ দুই বৰেণ্য ব্যক্তিক চিনাকী কৰাই এক মধুৰতম সময়ক ফটো তুলি ধৰি ৰাখিলোঁ।

‘ডাঙৰ মানুহে কথা পাতিলে শুনি থাকিব নাপায়’ — লাহেকৈ আঁতৰি আহিলোঁ।

ঠংচিদেৱ এইবাৰ সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী। কেবাটাও কাৰণত তেখেত জিকা উচিৎ। তেখেত বিজয়ী হ’লে যে সাহিত্য সভাখনৰ বিশেষ কিবা পৰিৱৰ্তন হব, সেয়া মোৰ মনে নধৰে। কিন্তু জিকিলে বা হাৰিলে যে তেখেতৰ সন্মান হানি হব, সেইটো ধুৰুপ।সেয়ে তেখেতে সন্মতি নিদিয়া হলেই ব্যক্তিগত ভাবে ভাল পালোহেঁতেন। কিন্তু এইবোৰত আমাৰ ব্যক্তিগত মত নাখাটে, নৰজে। ৰাজহুৱা কথা।ৰাইজৰ নাও বামেৰেও চলে…

সাম্প্ৰতিক সাহিত্য সভা আৰু কোম্পানীৰ মেনেজমেণ্ট একে।কাৰো কথা নুশুনে।নিজ স্বাৰ্থত যি ভাল দেখে তাকে কৰি লয়। কেইজনমানক বাদ দি এসোপা কিতাপ পত্ৰৰ লগত সম্পৰ্ক নথকা আৰু কেৱল মঞ্চত গামোচা লবৰ বাবে লবী পকোৱা মানুহৰ ‘নামত বৌদ্ধিক ক্ষেত্ৰ’ হৈ পৰিছে সাহিত্য সভা। সেয়ে সাহিত্য সভাৰ প্ৰতি আমি বিতশ্ৰদ্ধ। গতিকে ঠংচি ছাৰৰ বেয়া এষাৰ শুনাৰ আমাৰ ইচ্ছা নাছিল.. আৰু নাই। ই যদি জাতীয় অনুষ্ঠানেই, তাত অসমীয়া পণ্ডিত -সাহিত্যিক এজনক সৰ্বসন্মতিক্ৰমে আদৰি সাদৰী পাটত বহুৱাৰ পৰম্পৰা নাই কিয়! নিৰ্বাচনৰ তুলাচনীত বহুৱাই কিয় আমাৰ প্ৰিয় সকলক “সাহিত্য প্ৰতিভা”ক জোখা হয়?

দূৰৈৰ নীলা পাহাৰৰ দৰেই ঠংচি ছাৰ নিমজ নিপোটল হৈ থকাটো বিচাৰিছিলোঁ…

কিন্তু…

(সমাপ্ত)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More