নৱ-প্ৰভাত আৰু এন পি আই এফ টিৰ উদ্যোগত ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন

0 94

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ ৰাজ্যত অনুসূচিত জাতিৰ সৰ্ব্বোচ্চ সন্মান হিচাপে বিগত আঠ টা বছৰে জাতিটোৰ একো একোগৰাকী মহান ব্যক্তি তথা মহিয়সী নাৰীক প্ৰদান কৰি অহা হৈছে। অসম অনুসূচিত জাতি প্ৰাণ বঁটা তথা প্ৰশাসনিক, সাংস্কৃতিক, শৈক্ষিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত নিজ নিজ কৰ্মৰাজীৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জাতিটোৰ সম্পদ স্বৰূপ ব্যক্তিসকলক সমাজ, দেশ তথা ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানৰ বাবে প্ৰতি বছৰে আগবঢ়োৱা হয় অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বটাঁ আৰু অসম অনুসূচিত জাতি যুৱ-প্ৰতিভা বটা৷ এইবাৰ এই বঁটাসমূহ প্ৰদান কৰাৰ উদ্দেশ্যে তথা পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মুগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহনা-গাঠৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকৈ এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বী হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাত আৰু নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী ৰ উদ্যোগত অহা সাত নৱেম্বৰত বিয়লি ২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এন্ধাৰৰ পৰা পোহৰলৈ বুলি শীৰ্ষক এক ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠানৰ লগতে এক ব্যতিক্ৰমী সাংস্কৃতিক সমাৱেশ অনুষ্ঠান ৰূপায়িত হ’ব৷ ইয়াতে সদৌ অসম পৰম্পৰাগত মহা ফেশ্বন শ্ব’ৰ লগতে আন ডিভাইন ট্ৰেডিচনেল কুইন অৱ অসম, মিছ, মিচেছ আৰু কিডছ চেছন ন শীৰ্ষক অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি আজি এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ অসম অনুসূচিত জাতি প্ৰাণ বটাঁটো যুটীয়াভাৱে আগবঢ়োৱা হ’ব গোলাঘাটৰ দেৰগাঁও নিৱাসী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত বৰ্ষীয়ান বিজ্ঞানী ড° চৌধুৰী নাথ শইকীয়া আৰু নগাঁৱৰ ৰণথলী নিৱাসী অসমীয়া গহনা-গাঠৰীৰ বাটকটীয়া শিল্পীসকলৰ অন্যতম বৰ্ষীয়ান শিল্পী ঘনকান্ত বনিয়াক ।আনহাতে যোৰহাট নিৱাসী বিশিষ্ট ঢুলীয়া শিল্পী ইন্দ্ৰেশ্বৰ দাস, মাজুলী নিৱাসী বিশিষ্ট লোকসংগীত শিল্পী বিষ্ণু দাস আৰু ধুবুৰী জিলা নিৱাসী বিশিষ্ট মৃতশিল্পী বিশ্বাম্বৰ সূত্ৰধৰক অসম অনুসূচিত জাতি শিল্পী বঁটা আগবঢ়োৱা হ’ব ৷ তদুপৰি,লখিমপুৰ নিৱাসী অন্যতম কৃতি শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী দেৱকান্ত বনিয়া, গুৱাহাটী নিৱাসী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়,গুৱাহাটীৰ অধ্যক্ষা মিতালী বৰা আৰু অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মুখ্য-অভিযন্তা যোগেন বৈশ্য ক অসম অনুসূচিত জাতি গৌৰৱ বঁটা তথা যুৱ সংগীত শিল্পী গুৱাহাটীৰ সংস্কৃতা মালাকাৰ আৰু যুৱ অভিনেতা তথা নাট্যকৰ্মী শিৱসাগৰৰ বিজিত কুমাৰ দাস ক অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা আগবঢ়াৱলৈ সিদ্ধান্ত লোৱা হৈছে৷ ৰাজ্যৰ শৈক্ষিক,ৰাজনৈতিক,সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More