পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং

পাম অইল, শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়াত চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক

0 91

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে । দাসৰ নেতৃত্বত কৃষক মহাসভা, অসমৰ আহবায়ক বলিন্দ্ৰ শইকীয়া, দলৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য পূৰ্ণ কাকতি আৰু সুভাষ সেনক লৈ গঠিত এটি দলে ধলা অঞ্চলত চৰজমিন তদন্ত কৰি দেখা পায় যে অঞ্চলৰ ৰাইজে এই খেতি সম্পর্কে একোৱেই নাজানে ৷ আনকি যি অঞ্চলত পাম গছৰ পুলি নমুনা হিচাপে ৰোপন কৰা হৈছে সেই পঞ্চায়তৰ (হাঁহখাটি পঞ্চায়ত) সভানেত্রী গৰাকীয়ে জনোৱা মতে বিষয়টো সম্পর্কে জ্ঞাত নহয় ৷ ইফালে যি দুবিঘা মাটিত পাম গছৰ পুলি লগোৱা হৈছিল সেই পুলি ইতিমধ্যে গৰুৱে খাই তহিলং কৰিছে ৷ স্থানীয় ৰাজহ চক্র বিষয়া আৰু জিলা কৃষি বিষয়াই জনোৱা মতে খেতিয়কসকলে নিজৰ মাটিতহে পাম গছ লগাব আৰু এই খেতি ডুমডুমা চক্রৰ ৮৫০ বিঘাতকৈ অধিক মাটিত কৰা হ’ব ৷ ইয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে ১৩৩ জন খেতিয়কক চিনাক্ত কৰা হৈছে । দাসে কয় যে দুবিঘা মাটিত গছ পুলি লগাবলৈ কেইবাহাজাৰ মানুহৰ সমাগম, মুখ্যমন্ত্রীৰ হেলিকপ্টাৰ যাত্রা, ৰামদেৱৰ খৰচ এনেদৰে ৰাইজৰ ধনৰ শৰাধ কৰাৰ যুক্তি ক’ত ৷ ৮৫০ বিঘা মাটিত এটা বিতৰ্কিত পৰিৱেশ বিৰোধী খেতি কৰাৰ আগেয়ে পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ অধ্যয়ন কৰি চৰকাৰে এনভাইৰনমেণ্ট ক্লিয়েৰেঞ্ছ লোৱা নাই ৷ তথ্যমতে এজোপা পাম গছে প্ৰতিদিনে ৩০০ লিটাৰ পানী ভূগর্ভৰ পৰা শুহি ল’ব আৰু তেনে হ’লে সমগ্ৰ এলেকা মৰুভূমিত পৰিণত হ’বগৈ ৷ চিপিআই (এমএল) দলে এই সৰ্বনাশী খেতিৰ পৰিকল্পনা বন্ধ কৰিবলৈ দাবী জনায়৷ আনহাতে শিলসাঁকোৰ খিলঞ্জীয়া লোকসকলক যি নিষ্ঠুৰ আচৰণৰ বলি কৰা হৈছে তাক চিপিআই (এমএল) দলে গৰিহণা দিছে ৷ মহিলাই উলংগ হৈ প্ৰতিবাদ কৰাৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ পাছতো চৰকাৰখনে যি ব্যৱহাৰ কৰিছে তাৰ পৰা এই কথা স্পষ্ট যে চৰকাৰখনে গণতান্ত্রিক প্ৰতিবাদক সহ্য নকৰে আৰু এক অৰাজক অগণতান্ত্রিক পৰিৱেশ গঢ়ি তুলি মুষ্টিমেয় মন্ত্রী আৰু ব্যৱসায়ীৰ অবাধ, অবৈধ আৰু অসাধু চক্রৰ ৰাজ স্থাপন কৰিব বিচাৰিছে । দাসে কয় যে চিপিআই (এমএল) দলে ৰাজ্যখনত ’সাম্প্রদায়িকতাৰ বিৰুদ্ধে ইণ্ডিয়া’ শীর্ষক এক অভিযান চলাইছে আৰু তাৰ অংশ হিচাপে অহা অক্টোবৰ আৰু নৱেম্বৰ মাহত চাবুৱা সমষ্টি, ডুমডুমা সমষ্টি, তিনিচুকীয়া সমষ্টিত একোখন সমাবেশ অনুষ্ঠিত কৰা হ’ব ৷ তেওঁ কয় যে বৰ্তমানৰ মুখ্যমন্ত্রীৰ দক্ষ শাসনৰ ফোপোলা স্বৰূপ চাহ বাগিচা অঞ্চলত দেখা পোৱা যায় ৷ কিয়নো আগৰ পৰা চাহ বাগিচাত থকা কেইবাখনো গ্ৰুপ চিকিৎসালয় বন্ধ হৈ পৰিছে আৰু প্ৰভিডেন্ট ফাণ্ড, গ্ৰেচুইটি টকাৰ বাবে শ্রমিকসকলে হাহাকাৰ কৰিব লগা হৈছে ৷ দাসে কয় যে বিজেপিৰ সপোনৰ হিন্দু ৰাষ্ট্ৰত চাহ শ্রমিকসকল ২৩২ টকা মজুৰীৰে উন্নত চিকিৎসা বিহীন নাগৰিকত পৰিণত হৈছে আৰু ৰাইজে মাটি-ভেটি-ঘৰ হেৰুৱাই উলংগ হ’ব লগা হৈছে ৷ বিজেপিৰ এই অভিযানৰ বিৰুদ্ধেই চিপিআই(এম এল) দলে ’সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইণ্ডিয়া’ অভিযান হাতত লৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More