পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শোণিতপুৰৰ যুৱক

উদীয়মান খেলুৱৈ তথা সৰবৰহী যুৱক খগেন বড়ো নিৰুদিষ্ট হোৱাক লৈ ব্যাপক প্ৰতিক্রিয়া

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ আগষ্ট : ১৫ আগষ্টৰ দিনা বন্ধুবৰ্গৰ স’তে বনভোজ খাবলৈ গৈ কালি তেজপুৰ সমীপৰ ঠেলামৰা তেলিয়াগাৱঁত ব্ৰহ্মপুত্ৰৰ বুকুত খগেন বড়ো (২৫) নামৰ এজন উদীয়মান ফুটবল খেলুৱৈ তথা সৰবৰহী যুৱক সন্ধানহীন পৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, কালি স্বাধীনতা দিৱসৰ বন্ধৰ দিনটোত ঠেলামৰা ঔবাৰী সোণাশ্ৰী কলনিৰ নিবাসী তথা এখন গেলামাল দোকানৰ স্বত্বাধিকাৰী খগেন বড়োৱে ৮-৯ গৰাকী বন্ধুৰ স’তে দিনৰ ভাগত সমীপৰ ব্ৰহ্মপুত্ৰ ঘাটৰ কাষত পিকনিক খাবলৈ যায় ৷ বিয়লি প্ৰায় ৩ মান বজাত খগেন বড়োৱে বন্ধুবৰ্গৰ স’তে ব্ৰহ্মপুত্ৰত গা ধুই থাকোতেই হঠাৎ দুৰ্ভাগ্যবশতঃ নদীৰ বুকুত ডুব গৈ সন্ধানহীন হৈ পৰে ৷ লগে লগে বন্ধু কেইগৰাকী নিৰুদিষ্ট খগেনক উদ্ধাৰৰ চেষ্টা চলাই বিফল হোৱাত ঠেলামৰা আৰক্ষীক খবৰ দিয়ে ৷ সেই অনুসৰি ঠেলামৰা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ হোৱাৰ বাবে কাইলৈহে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাব বুলি জানিবলৈ দিয়াত ইতিমধ্যে ভিৰ কৰা স্থানীয় বহুসংখ্যকলোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ নদীত সন্ধানহীন হোৱা ব্যক্তিৰ সন্ধান আৰু উদ্ধাৰ অভিযান নিশাৰ ভাগত কিয় এনডিআৰএফ আৰু এছডিআৰএফে চলাবলৈ সক্ষম নহয় বুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপনেৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ আনহাতে আজি পুৱা ভাগৰে পৰা এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ জোৱানে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে নিৰুদিষ্ট খগেন বড়োৰ কোনো শুংসূত্ৰ ওলোৱা নাই ৷ উদীয়মান খেলুৱৈ আৰু সৰবৰহী যুৱকজন ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ পৰা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More