লক্ষীমপুৰত নাৰ্ছিং কলেজ-ডেণ্টেল কলেজ নিৰ্মাণ হবঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

0 54

উত্তৰ লক্ষীমপুৰ, ১৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে মঙ্গলবাৰে লক্ষীমপুৰত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ প্ৰথমে চিকিৎসাধীন ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে। ৰোগীৰ মাজত ফলমূল বিতৰণত মন্ত্ৰীগৰাকীক সহযোগ কৰে লক্ষীমপুৰৰ জিলা আয়ুক্ত সুমিত সত্তৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিধায়ক, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় পৰিদৰ্শন কৰি পৰিচালনা ব্যৱস্থাৱলী নিৰীক্ষণ কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ ববীজিত গোস্বামীৰ লগতে বিভাগীয় মুৰব্বী অধ্যাপকসকলৰ লগত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয় বিভাগীয় মন্ত্ৰীগৰাকী। স্থানীয় বিধায়ক ডেকা, জিলা আয়ুক্ত সত্তৱান আৰু আৰক্ষী অধীক্ষকক মিশ্ৰৰ উপস্থিতিত হোৱা বৈঠকখনত চিকিৎসা শিক্ষানুষ্ঠানখনৰ নিয়মীয়া পাঠদান, এমবিবিএছ পাঠ্যক্ৰমত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীৰ লগতে তৃতীয়-চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ বাবে শ্ৰেণীকোঠা সাজু কৰাৰ লগতে আগতীয়া প্ৰস্তুতি আদিৰ লগতে চিকিৎসালয় পৰিচালনাৰে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। একেদৰে, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সংলগ্ন কৰি জাইকা পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ লগতে চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰিব লগা প্ৰস্তাৱিত নাৰ্ছিং মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা সৰ্ন্দভতো স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক, জিলা আয়ুক্ত আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে বিতংভাৱে আলোচনা কৰা হয়। চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰী মহন্তই অধ্যক্ষ-অধীক্ষক তথা বিভাগীয় মুৰব্বীসকলৰ পৰা সবিশেষ বুজ লয়। পাছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিধায়ক, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে চিকিৎসা মহাবিদ্যালয় চৌহদত প্ৰস্তাৱিত ছুপাৰস্পেচিয়েলিটি হস্পিতাল, নাৰ্ছিং কলেজ আৰু ডেণ্টেল কলেজ নিৰ্মাণৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই বিবেচনা কৰা স্থানো পৰিদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More