প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ : ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

0 10

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে’ : বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ লুম্বিনী ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত আজি দুয়োখন দেশৰ মাজত ছখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। “নেপালৰ লগত ভাৰতৰ সম্পৰ্ক অতি প্ৰাচীন আৰু হিমালয়ৰ দৰেই অচল-অটল” এই বাক্যশাৰীৰে ভাষণ আৰম্ভ কৰা এদিনীয়া চমু নেপাল ভ্ৰমণৰ সময়ছোৱাত শৈক্ষিক তথা সাংস্কৃতিক দিশত ৫ খন আৰু জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ছুটলেজ জলবিদ্যুৎ নিগম আৰু নেপালৰ বিদ্যুৎ প্ৰাধিকৰণৰ মাজত হোৱা এখন চুক্তি অনুযায়ী নেপালত ৬৯৫ মেগাৱাটৰ বিদ্যুৎ প্ৰকল্প এটা নিৰ্মাণ কৰা হ’ব। প্ৰায় ৭০০ নিযুত ডলাৰ বিনিয়োগেৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোত ভাৰতৰ ৫১ শতাংশ আৰু নেপালৰ ৪৯ শতাংশ অংশীদাৰিত্ব থাকিব তদুপৰি নেপালে প্ৰকল্পটোৰ পৰা ২১.৯ শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব।
আনহাতে ভাৰতৰ ‘ইণ্ডিয়ান কাউন্সিল অৱ কালচাৰেল ৰিলেশ্যনছ’ৰ লগত লুম্বিনীৰ বুদ্ধ বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি অনুযায়ী বুদ্ধ সম্পৰ্কীয় অধ্যয়নৰ বাবে বিশ্ববিদ্যালয়খনত ড° আম্বেদকাৰ আসন প্ৰতিষ্ঠা কৰা হ’ব। তেনেদৰে ত্ৰিভুৱন বিশ্ববিদ্যালযৰ ‘চেণ্টাৰ ফৰ নেপাল এণ্ড এছিয়ান ষ্টাডিজ’ আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ত ভাৰত সম্পৰ্কীয় অধ্যয়নৰ বাবে এখনকৈ আসন প্ৰতিষ্ঠাৰ বাবেও ভাৰতৰ সংস্থাটোৱে চুক্তি সম্পাদন কৰে। আই আই টি, মাদ্ৰাজ আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰ হোৱা আন এখন চুক্তি মৰ্মে স্নাতকোত্তৰ পৰ্যায়ত যুটীয়া কাৰ্যক্ৰম প্ৰৱৰ্তনৰ দিহা কৰা হ’ব। উল্লেখযোগ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবাৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছতেই চুক্তি কেইখন স্বাক্ষৰ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More