প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন

 স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰাই

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কৃষিমন্ত্ৰী অতুল বৰাই। শনিবাৰে দুপৰীয়া কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি বৰা আৰু স্বাস্থ্যমন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি মহন্তই ৰঙিয়াৰ স্বস্তি হস্পিতাললৈ গৈ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক নেতা বড়োক দেখা কৰে। চিকিৎসালয়ত কৃষিমন্ত্ৰীৰ সৈতে স্বাস্থ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰীগৰাকী দেখা কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ সবিশেষ বুজ লয়। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলৰ সৈতেও দুয়োগৰাকী মন্ত্ৰীয়ে আলোচনা কৰে। ইফালে, ৰাজ‌্য চৰকাৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিকগৰাকীৰ চিকিৎসাৰ দায়িত্ব বহন কৰি উন্নত চিকিৎসাৰ বাবে যথাসম্ভৱ শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈও তেওঁক স্থানান্তৰৰ ব্যৱস্থা কৰাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। সেইমতে, বড়োৰ স্বাস্থ্যৰ তদাৰক কৰি থকা চিকিৎসকৰ লগতে জিএমচিএইচৰ চিকিৎসা বিশেষজ্ঞৰে আলোচনা কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই তেওঁক জিএমচিএইচলৈ স্থানান্তৰ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

কৃষিমন্ত্ৰীৰ সৈতে ৰঙিয়া আদৰ্শ চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ৰাজ্যৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আজি ৰঙিয়া আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে ৷ কৃষিমন্ত্ৰী অতুল বৰা আৰু ৰঙিয়াৰ মহকুমাধিপতি দীপন বৰ্মনৰ সৈতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ, আই চি ইউ আদি পৰিদৰ্শন কৰে ৷ চিকিৎসালয়খনত পৰ্যাপ্ত সা-সুবিধা আছেনে নাই, সেই সম্পৰ্কেও বিভাগীয় মন্ত্ৰী মহন্তই বুজ লয়। পৰিদৰ্শনকালত ৰোগীসকলৰ সৈতে মত বিনিময় কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰোগী আৰু আত্মীয়ৰে হোৱা মত বিনিময় কালত চিকিৎসালয়খনত পৰ্যাপ্ত ফেনৰ অভাৱৰ লগতে ৰোগীৰ ৱাৰ্ডৰ ওচৰত স্নানাগাৰ-শৌচাগাৰৰ বিষয়ে জানিব পাৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে সেইক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে এনএইচএম কৰ্তৃপক্ষক ফোন যোগে জৰুৰী নিৰ্দেশ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More