তেজপুৰত ডি আৰ এল,ডি আৰ ডি অ ৰ প্ৰদৰ্শনীঃ আলোচনা

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জুলাইঃ ডি আৰ ডিঅ’ৰ অধীনস্হ তেজপুৰস্হিত প্ৰতিৰক্ষা গৱেষণাগাৰৰ উদ্যোগত আজি স্হানীয় হেমবৰুৱা ভৱনত এক প্ৰদৰ্শনী আৰু আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ কৰা এই প্ৰদৰ্শনীৰ বিষয়বস্তু আছিল “ৰক্ষা অনুসন্ধান আৰু বিকাশ পৰিৱেশ তন্ত্ৰৰ বৃদ্ধি – আত্মনিৰ্ভৰতৰ পথ।”দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্যৰ ওপৰত ইয়াত আলোকপাত কৰা হয়। আজাদী কা অমৃত মহোৎসৱ অভিযানৰ অংশ হিচাপে, কেন্দ্ৰীয় চৰকাৰৰ বিগত ন বছৰৰ কৃতিত্ব প্ৰদৰ্শনৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক গৱেষণা চিকিৎসা প্ৰতিষ্ঠানৰ সঞ্চালক ড° এছ.কে. দেউৰী, আই টি বি পিৰ তেজপুৰস্হিত মুখ্যালয়ৰ ডিআইজি সন্দীপ খোছলাও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰিও সেনাৰ চতুৰ্থ ক’ৰ, বায়ুসেনা ছাউনিৰ ১১নম্বৰ তেজপুৰ উইং, আই টি বি পি আৰু তেজপুৰৰ এছ এছ বি সীমান্তৰ মুখ্য কাৰ্যালয়ৰ বিষয়াসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেজপুৰৰ বিভিন্ন বিদ্যালয়ৰ লগতে এন চি চি পাঁচ নম্বৰ অসম বেটেলিয়নৰ এটা দলো উপস্থিত থাকে।20230708 181457 কাৰ্যসূচীৰ আৰম্ভণিতে ডি আৰ এলৰ সঞ্চালক ড০ দেৱব্ৰত কম্বোজে আদৰণি ভাষণেৰে আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্ব আৰু ভাৰতক সকলো ক্ষেত্ৰতে স্বাৱলম্বী কৰি তোলাৰ অভিযানৰ বিষয়ে বৰ্ণনা কৰে। ডি আৰ ডি অ’ৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি যোৱা ছয় দশকত সংস্থাটোৰ সামগ্ৰিক সাফল্যৰ ওপৰত আলোকপাত কৰে তেওঁ। তদুপৰি তেওঁ ডি আৰ ডি অ’ৰ বিষয়ে উল্লেখ কৰি ক্ষেপনাস্ত্ৰ, যুঁজাৰু বিমান, ৰাডাৰ, ছ’নাৰ, ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা, চিবিআৰএন প্ৰতিৰক্ষা প্ৰযুক্তি, আৰু জীৱন সহায়ক প্ৰযুক্তিৰ উন্নতি সন্দৰ্ভতো প্ৰকাশ কৰে৷ সঞ্চালক কম্বোজে তেজপুৰৰ ডি আৰ এলৰ ভূমিকা আৰু কৃতিত্বৰ চমু আভাস আগবঢ়াই ইয়াত ভেক্টৰ নিয়ন্ত্ৰণ, পানীৰ গুণাগুণ উন্নত কৰা, ঔষধ প্ৰযুক্তি, জৈৱ-অনুসন্ধান, উচ্চ উচ্চতাৰ কৃষি, আৰু জৈৱ-আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়েও আলোকপাত কৰে৷ আনহাতে উপায়ুক্ত মিশ্ৰই ভাষণ দি সামগ্ৰিকভাৱে ডি আৰ ডি অ’ আৰু বিশেষকৈ ডি আৰ এল তেজপুৰৰ, জাতি-নিৰ্মাণৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে শলাগ লয়। তেওঁ ডি আৰ এলৰ বিকশিত সামগ্ৰী আৰু প্ৰযুক্তি যেনে ভোটজলকীয়াৰ স্প্ৰে, কেপচিগ্ৰেনেড, হাই এলটিটুড বায়’ডাইজেষ্টাৰ, আৰু পানী বিশুদ্ধকৰণ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। উত্তৰ-পূব ভাৰতৰ প্ৰত্যাহ্বানমূলক ভূখণ্ডত নিয়োজিত সেনা জোৱানসকলৰ সুবিধাৰ্থে প্ৰযুক্তিগত সমাধান প্ৰদান কৰা ডি আৰ এলৰ অনুসন্ধান আৰু বিকাশৰ কামক তেওঁ প্ৰশংসা কৰে। ইয়াৰ উপৰিও তেওঁ উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু যুৱ মনক বিজ্ঞানৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰিছিল। চিকিৎসাৰ ক্ষেত্ৰতো ডি আৰ এলৰ অৱদানক তেওঁ স্মৰণ কৰে৷আনহাতে,ক’ভিড-১৯ মহামাৰীৰ সময়ত উত্তৰ ভাৰতত মেডিকেল অক্সিজেন প্লাণ্ট স্থাপনৰ ক্ষেত্ৰত ডি আৰ এলৰ অতুলনীয় তেজপুৰৰ অৱদানৰ বিষয়েও তেওঁ কয়৷উল্লেখযোগ্য যে,মুখ্য অতিথি মিশ্ৰই ডি আৰ এল-ডি আৰ ডি অ’ৰ প্ৰদৰ্শনীখনৰো উদ্বোধন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More