প্ৰায় ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও!

ধুবুৰীত চক্ৰ বিষয়াসহ সন্ধানহীন ছাত্ৰ-ছাত্ৰী

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব যায় এখন নাও। প্ৰায় ১০০ জন যাত্ৰী থকা নাওখন হঠাতে লুটি খাই পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। প্ৰথমে স্থানীয় লোকে আৰু তাৰ পিছত চৰকাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও চৰকাৰী বিষয়া, ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় ৰাইজে দাবী কৰিছে যে নাওখনত প্ৰায় ১০০ জন যাত্ৰী আৰু কমেও ১০খন মটৰচাইকেল আছিল। অসম এছডিআৰএফৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ধুবুৰীত ব্ৰহ্মপুত্ৰত ডুব যোৱা নাওখনৰ বিষয়ে সদৰী কৰিছে। তেওঁ কয় যে উদ্ধাৰকাৰী দলে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ বাহিনীৰ উপৰি ডুবাৰু মোতায়েন কৰা হৈছে। ইফালে ধুবুৰী জিলা দণ্ডাধীশ আনবামুথানৰ এমপিয়ে জনোৱা মতে, উদ্ধাৰ অনুসন্ধান অভিযান চলি আছে। নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত এজন হৈছে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। লগতে নাওখনত আছিল বিষয়া আৰু ভূমি বিভাগৰ এজন কাৰ্যালয় কৰ্মী। ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দলটো ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ ওলাইছিল। সঞ্জু দাস সন্ধানহীন হয় যদিও তেওঁৰ লগত থকা দুজন চৰকাৰী কৰ্মী সাঁতুৰি পাৰত উঠিবলৈ সক্ষম হয়। চৰকাৰৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ডুব যোৱাৰ সময়ত নাওখনত প্ৰায় ২৯-৩০ জন যাত্ৰী আছিল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ধুবুৰী চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত আদাবাৰীত এখন দলঙৰ খুঁটাত খুন্দা মৰাৰ পিছত ভাসানী অভিমুখী নাওখন ডুব যায়। উদ্ধাৰকাৰী দলটোৰ এজন সদস্যই জনোৱা মতে, কেইবাজনো লোকক উদ্ধাৰ কৰা হৈছে। নাওখনত কেইবাজনো স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল। তেওঁলোকৰ কোনো এজনকো উদ্ধাৰ কৰিব পৰা হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More