বৰছলাৰ এগৰাকী অসহায় মহিলাৰ বাবে বৰষুণেই আতংক

 চৰকাৰী বিভাগৰ ভুলৰ বাবেই বানত বিপন্ন পৰিয়াল

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত মোৱামাৰী বৰাচুবুৰীৰ এগৰাকী মহিলাৰ বাবে বাৰিষাৰ বৰষুণজাকেই সম্প্ৰতি আতংকৰ কাৰণ হৈ পৰিছে৷তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ’লেও দুবছৰ পূৰ্বলৈকে তেওঁ নিজৰ ম্যাদী পটাৰ মাটিত চৰকাৰী ভাবে পোৱা এটি মৰমৰ বাস্হান এৰি পথৰ দাঁতিৰ কোনো ব্যৱসায়িক গৃহ নতুবা নামঘৰত আশ্ৰয় ল’ব লগীয়া হোৱা নাছিল৷কিন্তু যোৱা বছৰৰ পৰা এইগৰাকী মহিলাই নিজৰ মুকবধিৰ সন্তানকলৈ বাৰিষাৰ বিভিন্ন সময়ত অ’ত ত’ত আশ্ৰয় ল’বলগীয়া হৈছে৷সেয়ে তেওঁৰ বাবে বৰষুণ মানেই এক আতংক৷উল্লেখযোগ্য যে,ডিপোটা আৰু ঘগৰা নৈৰ বাঢ়নি পানীয়ে বছৰি এই অঞ্চল প্লাৱিত কৰে৷বিস্তীৰ্ণ খেতিপথাৰ প্লাৱিত হ’লেও নৈৰ পাৰৰ বাঁহবাৰী আৰু মোৱামাৰী সংযোগী তিনিআলিটোৰ নাতিদূৰৈত তেওঁৰ বাসগৃহটো৷ খৰালি এটা প্ৰাকৃতিক নলাৰ দৰে শীৰ্ণ হৈ পৰা ডিপোটা আৰু ঘগৰা নৈখন কিন্তু বাৰিষা ভয়ংকৰ হৈ পৰে৷ইয়াত অতিৰিক্ত পানী ওলাই যাব পৰাকৈ এটা পুল আগৰে পৰাই আছিল৷কিন্তু বিগত বছৰৰ বাৰিষাৰ আগে আগে পুলটোৰ কাষতে এটা কালভাৰ্ট নিৰ্মাণ কৰা হ’ল আৰু সংশ্লিষ্ট চৰকাৰী বিভাগীয় বিষয়া অভিযন্তা সকলৰ হঠকাৰিতাৰ বাবেই এই কালভাৰ্টৰ মুখ পোনে পোনে মহিলাগৰাকীৰ বাসগৃহটোৰ দিশে পোনাই দিয়া হ’ল৷ পৰিণতিত যোৱাবছৰ বানত মহিলাগৰাকী সন্মুখীন হ’ল এক অৱৰ্ণনীয় পৰিস্হিতিৰ৷ খিড়িকি পৰ্যন্ত বানত বুৰ যোৱাত মহিলাগৰাকীয়ে মুকবধিৰ সন্তানৰ লগতে পোহনীয়া ছাগলী আৰু ঘৰৰ সামগ্ৰী কেইপদ লৈ নামঘৰত আশ্ৰয় ল’বলগীয়া হ’ল৷উল্লেখযোগ্য যে,মুনু বৰা নামৰ মহিলাগৰাকীৰ স্বামী বসন্ত বৰাৰ তিনিবছৰ পূৰ্বে বিয়োগ ঘটিছে৷ ১৭বছৰীয়া মুকবধিৰ পুত্ৰ হৰকান্ত বৰাই এতিয়া দিনহাজিৰা কৰে৷যোৱাটো বাৰিষাত এনেদৰে কেবা বাৰো নিজা বাসগৃহ এৰি আনস্হানত আশ্ৰয় লবলগীয়া হোৱা মহিলাগৰাকীৰ এনে দুৰ্দশা দেখা স্হানীয় একাংশ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সংশ্লিষ্ট চৰকাৰী বিষয়া বৰ্গ ঘটনাস্থলীত উপস্থিত হৈ অতি অবিবেচক ভাবে নিৰ্মাণ কৰা কালভাৰ্টৰ দিশ সলনি কৰি সমস্যাৰ সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷তদুপৰি বিধায়ক গণেশ লিম্বুও উপস্থিত হৈ মহিলাগৰাকীক সহায়ৰ আশ্বাস দিয়ে যদিও পাছত মহিলাগৰাকীৰ লগতে তেওঁৰ বাসগৃহৰ কাষৰে আত্মীয় তথা একেটা সমস্যাৰে সন্মুখীন হোৱা পৰিয়াটোকো তিনিহেজাৰ টকাকৈ ক্ষতিপূৰণ দিয়েই চৰকাৰী দায়িত্ব ইতি পৰে৷ ইয়াৰ পাছত মহিলাগৰাকীৰ লগতে কাষৰ পৰিয়ালটোৱে ভোগ কৰা এই অনাহুত সমস্যাৰ সমাধান আজিলৈকে নহ’ল৷এইবাৰ পুনৰ বানে অঞ্চলটোত ভয়াৱহ ৰূপ লয় আৰু এতিয়ালৈকে তিনিবাৰ অসহায় মুনু বৰাই পুত্ৰ হৰকান্ত সহ আন স্হানত আশ্ৰয় ল’ব লগীয়া হয়৷প্ৰতিটো বানে পৰিয়ালটোৰ বাসগৃহৰো ক্ষতি সাধন কৰে৷এইবাৰ এসপ্তাহ দহদিন এনে বিপৰ্যয়ৰ সময়ত ছাগলী তথা ঘৰুৱা সামগ্ৰী সহ আন স্হানত আশ্ৰয় ল’বলগীয়া হোৱা মহিলা গৰাকীয়ে আজি প্ৰায় ১০দিনৰ মুৰত বোকাময় বাসগৃহটোলৈ উভতি আহি ক্ষোভিত হৈ পৰিছে৷ বস্তাৰে ঘৰৰ মজিয়াৰ বোকা আৰু পানী টুকি কালভাৰ্টটো পোনে পোনে তেওঁৰ বাসগৃহলৈ মুখ কৰি স্হাপন কৰা প্ৰতিজনকে অভিসম্পাত দিছে৷ বছৰি এনেদৰে তিনি চাৰিবাৰ নিজা ঘৰ এৰি যাবলগীয়া হোবাটো কিমান কষ্টকৰ সেয়া আন কোনে বুজিব৷ তেওঁ লগতে কয় যে,এনে সময়ত সাত কিলোগ্ৰাম চাউল, ডেৰকিলোগ্ৰাম দাইল লাভ কৰিলেও পশুখাদ্যৰ বাবে তৰ্ক কৰিবলগীয়া হয়৷ কষ্টৰে জীৱন অতিবাহিত কৰা সত্বেও আগতে বাৰিষা এনে বিপৰ্যয়ৰ সন্মুখীন হ’ব লগীয়া নহৈছিল৷ বানত জুৰুলা কৰা এই পৰিয়ালটোৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থা শীঘ্ৰেই চৰকাৰী বিভাগ তথা শোণিতপুৰ প্ৰশাসনে কৰিবনে বুলি প্ৰশ্ন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More