ভয় আৰু নিৰাপত্তাহীনতাই মোক আগুৱাই নিছে– আমিৰ খান

১১ আগষ্টত মুক্তি পাব বহু চৰ্চিত "লাল সিং চাড্ডা"

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ তিনিটা দশকৰো অধিক সময় ধৰি চলি থকা কেৰিয়াৰত আমিৰ খানে বহু ব্লকবাষ্টাৰ ছবিৰ অংশ হৈ আহিছে আৰু দেশৰ  অন্যতম ডাঙৰ ছুপাৰ ষ্টাৰ হৈয়ে আছে। শেহতীয়াকৈ আমিৰ খান পুনৰ চৰ্চালৈ আহিছে “লাল সিং চাড্ডা” নামৰ চিনেমাখনক লৈ। অহা ১১ আগষ্টত চিনেমাখন মুক্তি পাব, কিন্তু তাৰ আগতেই এহাতে বক্স অফিচত হিট হৈছে চিনেমাখন আৰু আনহাতে আমিৰ খানক ছচিয়েল মিডিয়াত সজোৱা হৈছে দেশদ্ৰোহী। কিন্তু আমিৰ খান আমিৰেই।  ৫৭ বছৰীয়া অভিনেতাজন কিয় আজিও জনপ্ৰিয়?

 আমিৰে নিজেই ইয়াৰ আঁৰৰ ৰহস্য উদঙাই দিছিল যেতিয়া তেওঁ শেহতীয়াকৈ আই আই এম বেংগালুৰুত অনুষ্ঠিত বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন ভিষ্টাত ‘ফেচেটছ অৱ মেনেজমেণ্ট ইন ফিল্মছ এণ্ড লাইফ’ শীৰ্ষক পেনেল আলোচনাত অংশগ্ৰহণ কৰিছিল।

অধ্যাপক বসন্তী শ্ৰীনৱসনে আঁত ধৰা এক পেনেল আলোচনাত দৰ্শকৰ মাজৰ এজন সদস্যই আমিৰক তেওঁৰ গৌৰৱময় তিনি দশক দীঘলীয়া কেৰিয়াৰৰ বিষয়ে সুধিছিল। আমিৰে ক’লে- তেওঁৰ মাজত থকা নিৰাপত্তাহীনতা আৰু ভয়টোৱেই তেওঁক ধাৱমান কৰে। বলীউডৰ তাৰকাগৰাকীয়ে কয়, “ভয়, মই শিথিলভাৱে কৈছো, এটা নেতিবাচক শব্দ আৰু আমি অনুভৱ কৰা উচিত নহয় যে ভয়ে আমাক আগুৱাই লৈ গৈছে। কিন্তু ইয়াৰ (ভয়ে) নিজস্ব ব্যৱহাৰ আছে। মই কৰা কামৰ বাবে মই অতিশয় চিন্তিত । মোৰ কাম চোৱা মানুহে ভাল পাব লাগে। মোৰ কাম কোনোবাই ভাল নাপাব পাৰে বুলি মোৰ মাজত থকা সেই নিৰাপত্তাহীনতা আৰু ভয়টোৱে আচলতে মোক ধাৱমান কৰে।

তেঁও কয়- “মোৰ বয়স ৫৭ বছৰ, কিন্তু মূৰত মোৰ বয়স এতিয়াও ১৮ বছৰ! অৱশ্যে যুৱক-যুৱতীসকলৰ বাবে প্ৰাসংগিক হৈ থাকিবলৈ মই অহৰহ কাম কৰি আছো। ” শিশুৰ বাবে ছবি নিৰ্মাণ কৰিছো, কাৰণ যেতিয়া পাঁচ বছৰীয়া শিশুৱে আপোনাৰ ছবিখন ভাল পায়, তেতিয়া তেওঁ অহা ১৫ বছৰলৈকে আপোনাৰ প্ৰতি আনুগত্যশীল হৈ থাকে। প্ৰতিটো প্ৰজন্মই আপোনাৰ সৈতে সংযোগ স্থাপন কৰি আছে। সেইটোৱে মোক কম বয়সীয়া দৰ্শকৰ বাবে প্ৰাসংগিক কৰি ৰাখে।”  আমিৰ খান বৰ্তমান তেওঁৰ আগন্তুক ছবি লাল সিং চাদ্দাৰ প্ৰচাৰত ব্যস্ত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More