ভাৰতলৈ আমেৰিকাৰ ৫০০ নিযুত ডলাৰৰ সামৰিক সাহায্যৰ প্ৰস্তাৱ

0 35
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে’ : ভাৰত-ৰাছিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কত আউল লগোৱাৰ পৰিকল্পনা ৰচনা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ৰাছিয়াৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ওপৰত থকা ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষলৈ ৫০০ নিযুত ডলাৰৰ সামৰিক সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই পৰিমাণৰ সাহায্য ভাৰতে গ্ৰহণ কৰিলে ইজৰাইল আৰু ইজিপ্টৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বৃহৎ সামৰিক সাহায্য লাভ কৰা ভাৰত এখন অন্যতম দেশ হিচাপে পৰিগণিত হ’ব। অৱশ্যে এতিয়ালৈকে প্ৰস্তাৱটোৰ সবিশেষ জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে, পূৰ্বৰে পৰাই ভাৰত বিভিন্ন সামৰিক উপকৰণৰ বাবে ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰশীল। ৰাছিয়াৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ সৰ্ববৃহৎ ক্ৰেতা হৈছে ভাৰতবৰ্ষ। ‘ষ্টকহ’ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউট’ৰ তথ্য অনুযায়ী যোৱা দহ বছৰত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৪ বিলিয়ন ডলাৰৰ সামৰিক অস্ত্ৰ-শস্ত্ৰ আমদানি কৰাৰ বিপৰীতে ৰাছিয়াৰ পৰা আমদানি কৰিছিল ২৫ বিলিয়ন ডলাৰ মূল্যৰ সমৰ আহিলা। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত ভাৰতবৰ্ষই আন পশ্চিমীয়া দেশসমূহৰ লগত সুৰ মিলাই ৰাছিয়াক গৰিহণা দিয়াৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সঙ্কটটোৰ সমাধানৰ স্থিতি গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাষ্ট্ৰই ভাৰতক ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবলৈ কূটনৈতিক হেঁচা প্ৰয়োগ কৰিছিল যদিও ৰাছিয়াৰ প্ৰতি ভাৰতে কৌশলগত স্থিতি গ্ৰহণ কৰি এতিয়াও অটল হৈ আছে। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ লগত নিৰাপত্তা সম্পৰ্ক আৰু গভীৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতলৈ সামৰিক সাহায্য আগবঢ়োৱা gettyimages 184874549প্ৰস্তাৱটো মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে ভাৰতক দীৰ্ঘদিনৰ বাবে আমেৰিকাৰ এক বিশ্বাসযোগ্য নিৰাপত্তা সহযোগী হিচাপে কামনা কৰাৰ প্ৰচেষ্টাৰে ফল বুলি ধাৰণা কৰা হৈছে। কিন্তু ভাৰতৰ সামৰিক ক্ষেত্ৰৰ যি তিনিটা অতি প্ৰয়োজনীয় উপকৰণ যেনে, যুঁজাৰু বিমান, নৌ যুদ্ধ জাহাজ আৰু যুদ্ধ টেঙ্কৰ যোগান ইমান কম পৰিমাণৰ ধনেৰে যে নহ’ব তাকে লৈও আমেৰিকাৰ প্ৰশাসন চিন্তিত। লক্ষ্য কৰা গৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই প্ৰস্তাৱটো এনে এটা সময়ত আহিছে, যিটো সময়ত বহুকেইখন দেশ ভাৰতৰ লগত এক উল্লেখযোগ্য নিৰাপত্তা সহযোগী ৰূপে জড়িত হ’ব বিচাৰিছে। বিশেষকৈ এছীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান আধিপত্যক সমুচিত উত্তৰ দিয়াৰ বাবে। অহা সপ্তাহত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এখন সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিডেন মুখামুখি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি জুন মাহত জাৰ্মানীত অনুষ্ঠিত হ’বলগীয়া জি-৭ দেশসমূহৰ সন্মিলনতো মোডী-বিডেনৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। আশা কৰা হৈছে এই দুয়োটা সাক্ষাতত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত এই সামৰিক সাহায্যৰ প্ৰস্তাৱটো নিশ্চিত ভাৱে আলোচনা কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More