ভাৰতৰ মাটিত পৰিল ৰহস্যময় ধাতৱ গোলক

ধ্বংসপ্ৰাপ্ত কৃত্ৰিম উপগ্রহ নে আন কিবা?

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : মহাকাশৰ পৰা ভাৰতৰ মাটিত পৰিল ধাতৱ গোলক। সেয়াও কেৱল এঠাইতেই নহয়; গুজৰাটৰ আনন্দ জিলাৰ তিনিখন পৃথক ঠাইত এই আশ্চর্যকৰ ঘটনাটো ঘটিছে। স্থানীয় সূত্রত প্ৰকাশ যে, ১২ মে’ৰ বিয়লি আনন্দ জিলাৰ ভালেজ, খাম্ভোলজ আৰু ৰামপুৰাত তিনিটা ধাতৱ গোলক হঠাৎ আকাশৰ পৰা খহি আহি মাটিত পৰে। ইয়াৰ পিছতেই গাঁওবাসীৰ মাজত আতঙ্ক বিয়পি পৰে। বহু লোক আহি কৌতূহলৰ বশৱৰ্তী হৈ ভিৰ কৰেহি এই ধাতৱ গোলকৰ চৌপাশে। ঘটনাটোৰ তদন্ত কৰিবলৈ ইতিমধ্যে গুজৰাটৰ ‘ফৰেনচিক চায়েন্স লেবৰেটৰি’ৰ বিশেষজ্ঞসকলক দায়িত্ব দিয়া হৈছে। জিলা পুলিচেও সমস্ত বিষয়টো খুচৰি চোৱাত তৎপৰ হৈছে। স্থানীয় সূত্রত প্ৰকাশ যে, বিয়লি ৫ বজাত ভালেজ গাঁৱত এটা বৃহৎ ক’লা বৰণৰ ধাতৱ গোলক আকাশৰ পৰা আহি মাটিত পৰে। এই ধাতৱ গোলকৰ আনুমানিক ওজন প্রায় পাঁচ কেজি। ইয়াৰ কিছু পিছতেই ওচৰৰ খাম্ভোলজ আৰু ৰামপুৰা গাঁৱতো একে ধৰণৰ ঘটনা ঘটে। তিনিখন গাঁৱেই ইখনৰ পিছত সিখন প্রায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত। প্রত্যক্ষদর্শীসকলে গোটেই বিষয়টো সম্পৰ্কে আৰক্ষীক খবৰ দিয়ে। প্রাথমিকভাৱে অনুমান কৰা হৈছে যে, এই ধাতৱ গোলকবোৰ কোনো কৃত্রিম উপগ্রহৰ ধ্বংসাৱশেষ। খাম্ভোলজত এই ধাতৱ গোলক এটা ঘৰত পৰিলেও ভালেজ আৰু ৰামপুৰাত এই ধাতৱ গোলক খালী ঠাইত পৰিছে। এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্রত্যক্ষদর্শীসকলৰ মতে, ধাতৱ গোলককেইটা মহাকাশৰ পৰা আহিছে। আৰক্ষীৰ মতে, সঠিক তদন্ত নকৰাকৈ এতিয়াই এই বিষয়ে কোনো মন্তব্য কৰা উচিত নহ’ব। আনন্দ জিলাৰ আৰক্ষী বিষয়া অজিত ৰাজিয়ানে জনোৱা মতে, বিশেষজ্ঞৰ দলে সমগ্ৰ বিষয়টো খুচৰি চোৱাৰ পিছতহে সঠিককৈ ক’ব পৰা হ’ব, এই গোলককেইটা প্ৰকৃততে কি?

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More