মথাউৰি ছিগি তেজপুৰ বিহগুৰি আৰু বাঁহবাৰী মৌজাৰ কুৰিখনৰো অধিক গাঁও জলমগ্ন 

পথ যোগাযোগ বিচ্ছিন্ন - জলবন্দী জনতা - মূৰে কপালে হাত দিছে কৃষক ৰাইজে 

0 44
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ আগষ্ট : কাষৰীয়া অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ পিছত কালিৰে পৰা এই জৰাসৰ নদীৰ বাঢ়নী পানীয়ে তেজপুৰৰ ঘগৰা আৰু ডিপোটা নৈ স্পৰ্শ কৰি বৰছলা আৰু তেজপুৰ সমষ্টিৰ বৃহত্তৰ বাঁহবাৰী অঞ্চলৰ বহুকেইখন গাওঁ জলমগ্ন কৰাৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ কৃষি পথাৰ পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। স্হানীয় বান আক্ৰান্ত ৰাইজৰ পৰা জানিব পৰা মতে বাঁহবাৰী ডেকা চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ কাষত ডিপোটা নৈৰ এটা বান্ধ বাঢ়নী পানীয়ে ভাঙি পেলোৱাৰ পিছতেই কালি দুপৰীয়াৰ পৰা হঠাৎ অহা বাঢ়নী পানীয়ে বৃহত্তৰ বাঁহবাৰী অঞ্চলৰ অধিকাংশ গাঁৱেই জলমগ্ন হৈ পৰাই নহয় পোখা মেলিবলৈ ধৰা ধাননি পথাৰ সমূহো পানীৰে বুৰ যোৱাত স্হানীয় কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, হঠাৎ অহা এই বাঢ়নী পানীয়ে ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, কুকুৰ বস্তি, বেটনী, বাঁহবাৰী খণ্ড, হাতখলা, মোৱামাৰী, গণক চুবুৰী, ডেকা চুবুৰী, বৰা চুবুৰী, চিঙা চুবুৰী, খেলমাটি কছাৰী, এ আই চি এফ কেম্প, বিন্দুকুৰি, বান্দৰমাৰী আদি অঞ্চল বুৰাই পেলোৱাৰ লগতে চাৰিওফালৰ পথ যোগাযোগ বন্ধ হৈ পৰাত স্হানীয় ৰাইজ জলবন্দী হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘগৰা – খেলমাটি সংযোগী পথৰ প্ৰায় ৭ – ৮ মিটাৰ পানীয়ে ছিঙি পেলোৱাত সেই পথছোৱাৰে যাতায়াত ব্যৱস্থা সমূলি বন্ধ হৈ পৰাৰ লগতে বাঁহবাৰী – ডেকা চুবুৰী পথৰো প্ৰায় ১২ মিটাৰ ছিঙি পেলোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে স্হানীয় প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ দুটিও বন্ধ হৈ পৰিছে। উল্লেখ্য যে, প্ৰতি বছৰে অধিকাংশ বৰছলা সমষ্টিৰ এই অঞ্চল সমূহত বানে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ পিছত ৰাইজে স্হানীয় বিধায়ক গণেশ লিম্বুক ইয়াৰ স্হায়ী সমাধানৰ বাবে দাবী জনাই আহিছে যদিও বিধায়ক গৰাকীয়ে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত আজি স্হানীয় বান আক্ৰান্ত ৰাইজে সাংবাদিকৰ আগত  ক্ষোভ প্ৰকাশ কৰে। একেদৰে তেজপুৰ আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান আক্ৰান্ত এই অঞ্চল সমূহৰ গৰু – ছাগলীকে ধৰি সকলো পশুধন খাদ্যৰ সংকটত পৰিছে যদিও জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো খাদ্য সামগ্ৰী যোগান নধৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। ইফালে ৰঙাপৰা বিধান সভা সমষ্টিত ডিপোটা আৰু পাহিজুৰি নৈৰ বাঢ়নী পানীয়েভয়ঙ্কৰ ৰূপ ধাৰণ কৰি কেইবাতাও বাস গৃহ উটাই নিয়াৰ লগতে নাহৰণী গ্ৰান্তুত দুটাকৈ কালভাত উটাই নিয়াৰ ফলত এলেকাটোৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More