তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট

0 50

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ চৰম সংকটত ভুগিবলগীয়া হৈছে৷এই সংকট মষিমূৰ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই বিভিন্ন চৰকাৰী সংস্থা, দেশৰ সেনা বাহিনীৰ ,এছ এছ বি আৰু আই টি বি পি ৰ পৰা পানী সংগ্ৰহ কৰিব লগীয়া হৈছে৷উল্লেখযোগ্য যে, এই চিকিৎসা মহাবিদ্যালয়খনলৈ পানী যোগান ধৰা হয় তেজপুৰৰ দেৱীসিং ঘাটত স্হাপিত এক আচুতীয়া পানীযোগান আঁচনিৰ পৰা৷ কিন্তু যথেষ্ট দূৰত্বৰ এই আঁচনিৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ সংযোগ কৰা মূল পানীৰ পাইপ তেজপুৰ ডিপোতাত ভাঙি যোৱাৰ ফলত যোৱা বৃস্পতিবাৰৰ পৰা আজিলৈকে পানী যোগান ব্যাহত হৈ পৰাৰ ফলত তীব্ৰ পানীৰ সংকটত ভুগিছে ছাত্ৰ ছাত্ৰী ,ৰোগীৰ লগতে চিকিৎসক সকলে ।সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় এহেজাৰ। এই সকলৰ ভিতৰত নতুন ছাত্ৰ ছাত্ৰী , পি জি ছাত্ৰ ছাত্ৰী, ইন্টাৰ্ণ সকলো আছে ।চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষকে জনোৱা মতে সেনা ,এছ এছ বি, তেজপুৰ পৌৰ সভা আৰু চতিয়া সমষ্টিৰ বিভিন্ন চাহ বাগিচাৰ পৰা খোৱা পানী যোগান ধৰা হৈছে বৰ্তমান। চিকিৎসালয়খনত দৈনিক ছয়শ ৰোগী চিকিৎসাৰ বাবে ভৰ্তি থাকে আৰু ইয়াৰ উপৰিও চিকিৎসক নাৰ্ছৰ আৱাস গৃহ, ছাত্ৰ ছাত্ৰীৰ নিৱাস আদি সকলো ঠাইতে এতিয়া খোৱা পানীৰ বাবে হাঁহাকাৰ পৰিস্হিতিৰ উদ্ভৱ হৈছে । উপ অধীক্ষক গৰাকীয়ে জনায় যে ভাঙি যোৱা পানীৰ পাইপ মেৰামতি আজি নিশাৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ যোগান ধৰা পানীৰ যোগান প্ৰকল্পটো তেজপুৰ চহৰৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ দেৱী সিং ঘাটত নিৰ্মাণ কৰা হৈছে আৰু এই অঞ্চলৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰায় ১৭ কিলোমিটাৰ দূৰত্ব৷ এনে অৱস্থাত প্ৰকাণ্ড পাইপৰে পানী বোৱাই নিয়া হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More