মানৱ মূত্ৰই শেষ ভৰসা ! বিপন্ন বিশ্বৰ ত্ৰাণকৰ্তা হ’ব এই তৰল বৰ্জ্য?

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : মানুহৰ প্রস্রাৱ সাৰ হিচাবে ব্যৱহাৰ কৰা সম্ভৱ? ফ্রান্সৰ এক শীর্ষ গৱেষণাত কোৱা হৈছে যে, কৃষিক্ষেত্ৰক বচাবলৈ প্রস্রাৱক গুৰুত্ব দিয়াৰ বাদে উপায় নাই! ফ্রান্সৰ এই গৱেষণাত পোহৰলৈ আহিছে যে, মানুহৰ প্রস্রাৱে উদ্ভিদক পুষ্টি দিয়াৰ ক্ষমতা ৰাখে। ফলত কৃত্রিম সাৰৰ ব্যৱহাৰ কমাব পৰা যায়। মানুহৰ প্রস্রাৱক সাৰলৈ ৰূপান্তৰিত কৰা হ’লে সেই সাৰে জৈৱ সাৰ হিচাবে কাম কৰে। আনহাতে কৃষি উৎপাদনত ব্যৱহৃত ৰাসায়নিক সাৰৰ ফলত যি পৰিৱেশ প্ৰদূষণ হয় সেয়াও ৰোধ কৰে। উদ্ভিদৰ প্রয়োজনীয় পুষ্টি উপাদান হ’ল নাইট্র’জেন, ফছফৰাছ, পটাছিয়াম। খাদ্যৰ যোগেদি আমাৰ পাকস্থলীত এইবোৰ প্ৰৱেশ কৰে আৰু আমাৰ মূত্রৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ হৈ যায়। ফুড ছিষ্টেম আৰু হিউমেন ৱেষ্ট মেনেজমেন্টৰ ওপৰত গৱেষণা কৰি জনা গৈছে যে, কাৰখানাত তৈয়াৰ কৰা সাৰ চিন্থেটিক নাইট্র’জেনৰ পৰা উৎপন্ন হয়। এই সাৰ কৃষিক্ষেত্রত ব্যৱহাৰ কৰা হয়। কিন্তু দীর্ঘদিন ধৰি এই সাৰ অধিক পৰিমাণে ব্যৱহাৰৰ কৰিলে নদী আৰু অন্যান্য পানী দূষিত হয়। প্রাণীৰ জীৱনো বিপন্ন হয়। তেন্তে কি প্রস্রাৱেই দিব এইবোৰ সমস্যাৰ পৰা মুক্তি? হয়, এটা বিকল্প পথ খুলি দিব পাৰে। অৱশ্যে মানুহৰ প্রস্রাৱ কৃষিক্ষেত্রত কিমান ব্যৱহাৰ কৰিব পৰা যাব, সেই প্রশ্নটো আছেই। মানুহৰ প্রস্রাৱ কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰি উপকাৰ পোৱা যাব পাৰে বুলিয়েই মত পোষণ কৰিছে বিজ্ঞানীসকলে। প্রসঙ্গক্ৰমে উল্লেখ্য যে, এক পৰিসংখ্যা অনুযায়ী, ছুইডেনৰ বিভিন্ন ঘৰত প্রায় ১০ হাজাৰ বিশেষ ধৰণৰ টয়লেট স্থাপন কৰা হৈছে য’ৰপৰা প্রস্রাৱ সুকীয়াকৈ সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পৰা যাব। ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত মানৱ মূত্ৰক সাৰ হিচাবে ব্যৱহাৰ কৰি উপকৃত হোৱাৰ বাতৰি প্ৰকাশ পাই আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More