মাৰ্ঘেৰিটাৰ বিননিঃ এফালে পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলিছে কয়লাৰ লুণ্ঠন আনফালে গছপুলি ৰোপণৰ বিশ্ব অভিলেখ

সজাই তোলা হ’ল ৬.৩২ লাখ গছপুলিৰে অসমৰ বৃহৎ মজাইক মানচিত্ৰ

0 106

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰঃ এফালে কয়লা চোৰৰ উপদ্ৰৱত পাটকাইৰ ৰোদন আৰু আনফালে চলিছে চৰকাৰী পৃষ্ঠপোষকতাত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ চোৰাং বেহাই সঘনাই দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনামা৷ পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলি থকা কয়লাৰ চোৰাং বেহাত পেটৰ তাড়নাত নিয়োজিত হ’বলৈ গৈ প্ৰাঞ্জল মৰাণৰ দৰে অগণন নিৰীহ শ্ৰমিকে প্ৰাণ হেৰুৱাটো এক সাধাৰণ ঘটনাত পৰিণত হ’বলৈ ধৰিছে৷ চৰকাৰে এফালে সেউজীয়া পাহাৰ ধ্বংস কৰি কয়লাৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত দুৰ্বৃত্ত বুলি ঘোষণা কৰা ব্যক্তিক আনফালে দেহৰক্ষী প্ৰদান কৰি তলৰ পৰা ওপৰলৈকে শিপাই থকা কয়লাৰ চোৰাং বেহাক একপ্ৰকাৰে ন্যায্যতা প্ৰদান কৰিছে৷ কয়লাৰ চোৰাং বেহাই মৃত্যু উপত্যকাত পৰিণত কৰা মাৰ্ঘেৰিটাৰ উলুপ পথাৰত আজি সম্পন্ন হয় অমৃত বৃক্ষ আন্দোলনৰ অধীনত ’গছপুলিৰে সৰ্ববৃহৎ মজাইক মানচিত্ৰ’ৰ গীনিজ বিশ্ব অভিলেখ সৃষ্টিৰ কাৰ্য্যসূচী৷ ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে ’অমৃত বৃক্ষ আন্দোলন’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে৷ ইয়াৰ অধীনত ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমতে ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰা হ’ব৷ আনহাতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেম গাওঁ পঞ্চায়তৰ উলুপ পথাৰত ’অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত ’সৰ্ববৃহৎ মজাইক মানচিত্ৰ’ৰ গীনিজ বিশ্ব অভিলেখ সৃষ্টিৰ কাৰ্য্যসূচী পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত সফলতাৰে সম্পন্ন হয়৷ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত প্ৰায় ৬.৩২ লাখ গছপুলিৰে প্ৰায় ১ হেক্টৰ মাটিকালিত অসমৰ এক বৃহৎ মজাইক মানচিত্ৰ সজাই তোলা হয়৷ গীনিজ বুক অৱ ৱৰ্ল্ডৰ প্ৰতিনিধিবৰ্গ উলুপ পথাৰত উপস্থিত হৈ যাৱতীয় পৰিদৰ্শন সম্পন্ন কৰাৰ পাছত এই বিশ্ব অভিলেখৰ খিতাপ প্ৰদান কৰিব৷ বিশ্ব অভিলেখ সৃষ্টিৰ লগত সংগতি ৰাখি উলুপ পথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যবাসীক বাণিজ্যিক চহিদাসম্পন্ন গছ পুলি ৰোপণেৰে অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’বলৈ উৎসাহ যোগায়৷ অমৃত বৃক্ষ আন্দোলন কাৰ্য্যসূচীৰ অধীনত যিসকলে বৃক্ষ ৰোপণ কৰিব তেওঁলোকক গছপুলিটোৰ যথোপযুক্ত যত্ন ল’বলৈও আৰু অৰ্থনৈতিকভাবে স্বাৱলম্বী এখন সেউজ অসম গঢ়াৰ প্ৰচেষ্টাত ৰাইজক সহযোগিতা আগবঢ়াবলৈয়ো বনমন্ত্ৰীয়ে আহ্বান জনায়৷ সভাত বনমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিশাণ, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বনবল মুৰব্বী এম কে যাদৱ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক, উজনি অসম হৃদেশ মিশ্ৰা, তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পাল, ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী টি চি ৰণজিৎ ৰাম প্ৰমুখ্যে তিনিচুকীয়া জিলা প্ৰশাসন তথা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল, পৰিৱেশ আৰু বন বিভাগৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল, স্থানীয় ৰাইজ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা সাংস্কৃতিক দলসমূহৰ শিল্পীসকল উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More