শোণিতপুৰত জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ

বিহগুৰিৰ চাহিয়া পথাৰত কৃষকৰ সমস্যা

0 10
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ কৃষিৰ বাবে উপযুক্ত ব্যৱস্থাৰ অভাবে ৰাজ্যৰ বহু কৃষককে হতাশাগ্ৰস্ত কৰাৰ উদাহৰণ ৰাজ্যত দেধাৰ আছে৷থলুৱা লোকে কৃষি কাৰ্য নকৰে বুলি অতি সহজেই একাংশই প্ৰকাশ কৰি অহাৰ বিপৰীতে বছৰি ধান খেতি কৰা বহুসংখ্যক কৃষকে উপযুক্ত সাসুবিধাৰ অভাৱৰ ফলত খেতি কৰিও লোকচানৰ সন্মুখীন হৈ অহাৰ বিষয়ে প্ৰকাশ কৰি আহিছে৷বৰষুণৰ ওপৰত ভৰষা কৰিয়েই কৃষি কাৰ্য কৰা খেতিয়ক সকলে আকৌ বানৰ বাবেও লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷উল্লেখযোগ্য যে,এইবাৰ বানে শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ কৃষকৰ ধানখেতি একাধিকবাৰ নস্ত কৰাৰ বিপৰীতে সম্প্ৰতি জলসিঞ্চন ব্যৱস্থাৰ অভাৱত যি লোকচানৰ সন্মুখীন কৰিছে এইসকল কৃষকৰ ভিতৰত তেজপুৰৰ নিকটৱৰ্তী বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত তথা বিহগুৰি মৌজাৰ ভালেসংখ্যক কৃষকো আছে৷উল্লেখযোগ্য যে,শোণিতপুৰৰ থলুৱা কৃষকৰ অন্যতম অঞ্চল এই বিহগুৰি মৌজা৷সম্প্ৰতি বিহগুৰি মৌজাৰ চাহিয়া পথাৰত জলসিঞ্চনৰ অভাৱে স্হানীয় কৃষকসকলক যথেষ্ট সমস্যাৰ সন্মুখীন কৰিছে৷স্হানীয় কৃষকৰ মাজত চাহিয়া পথাৰ নামৰে পৰিচিত এই পথাৰখনৰ প্ৰায় ১৮০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্ভৰশীল কাষৰীয়া প্ৰায় সাতখন গাঁৱৰ শতাধিক কৃষক৷উল্লেখযোগ্য যে,বিহগুৰিৰ এক নম্বৰ ৰঙামাটি,দুইনম্বৰ ৰঙামাটি,ছাগলী চুবুৰী,মেকনৰ চুবুৰী,বিহগুৰি আদি গাঁৱৰ শতাধিক কৃষকে এইখন বৃহৎ পথাৰত বছৰি ধান খেতি কৰাৰ  উপৰিও খৰালি কালত সৰিয়হ, আলু, বিলাহী, বড়ো ধান, ৰঙলাও,ধনীয়া আদি বিভিন্ন খেতি কৰে৷কিন্তু এইসকল কৃষকে কেৱল বতৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে বিকল্প নায়৷বাৰিষা বানে য’দি কোনো সময়ত ধান খেতি প্লাৱিত কৰে আকৌ খৰাঙত পথাৰৰ বৃহৎ অংশ পানীৰ অভাৱত শুকাই যোৱাত খেতি নষ্ট হোৱাটো ইয়াৰ স্বাভাৱিক ঘটনা৷একেদৰে খৰালি কৰা খেতিৰ বাবে কৃষকে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰাৰ গত্যন্তৰ নোহোৱা হৈ পৰে৷উল্লেখযোগ্য যে,কেৱল পানীৰ সমস্যাই নহয় শীতকালত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ বাবেও এই কৃষিপথাৰ চৰণীয়া পথাৰলৈ পৰিণত হয়৷এনে অৱস্থাত কৃষক সকলৰ কষ্টোপাৰ্জিত ফচলৰ বৃহৎ অংশ হাতীয়ে ভক্ষণ কৰাৰ লগতে বহু অংশ বিনস্ত কৰে৷উল্লেখযোগ্য যে,এইবোৰ কৃষিপ্ৰধান অঞ্চলত পুৰুষৰ সমানে মহিলাসকলেও কৃষিকাৰ্যত হাতউজান দিয়ে৷স্হানীয় কৃষক ৰাইজে এই বৃহৎ কৃষিপথাৰত জলসিঞ্চন ব্যৱস্থা কৰিবৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে য’দিও আজিলৈকে সেয়া বাস্তৱত ৰূপায়িত হোৱা নায়৷বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে এবাৰ নিজেই আহি কৃষকৰ সমস্যাৰ বুজ লৈ গ’ল য’দিও পৰৱৰ্তী সময়ত ইয়াত জলসিঞ্চন ব্যৱস্থাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি স্হানীয় কৃষকসকলে সদৰি কৰি কয় যে,জলসিঞ্চন বিভাগ বা কৃষিবিভাগো এইক্ষেত্ৰত হাতসাৱতি বহি আছে৷কৃষিৰ নামত বছৰি নতুন নতুন আচনি ৰূপায়ণ কৰা ৰাজ্য চৰকাৰে থলুৱা কৃষকৰ সুবিধা হোৱাকৈ কিয় জলসিঞ্চনৰ ব্যৱস্থা কৰা নাই সেইলৈ প্ৰশ্ন উত্থাপন কৰা কৃষকসকলে কয় যে,কৃষকক কৃষিকাৰ্য কৰিবলৈ ক’লেও যি ঠাইত জলসিঞ্চনৰ সুবিধাৰ আৱশ্যক সেই ঠাইত বিভিন্ন অজুহাত প্ৰদৰ্শনৰে জলসিঞ্চনৰ ব্যৱস্থা নকৰে চৰকাৰী বিভাগে৷এনে অৱস্থাত ক্ষুব্ধ কৃষক একাংশই কয় যে,নিৰ্বাচনৰ সময়ত এনেবোৰ অঞ্চললৈ সোঁত বোৱা জনপ্ৰতিনিধিৰ ছাঁটোও নিৰ্বাচনৰ পিছত দেখিবলৈ পোৱা নাযায়৷আন একাংশ কৃষকে লগতে কয় যে,ৰাজ্যৰ বিয়াগোম মন্ত্ৰী সকলৰ পুত্ৰক এনে অৱস্থাত খেতি কৰিবলৈ দিয়ক,তেতিয়া তেওঁলোকে বুজিব বাস্তৱত কৃষি পথাৰত কৃষকে সন্মূখীন হোৱা সমস্যাবোৰ কি !
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More