মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু”

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৮ মে’: কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ফিল্ম ডিভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ “হাতী বন্ধু” । উল্লেখযোগ্য যে অহা ২৯মে’ৰ সন্ধিয়া ৫ বজাত মুম্বাইৰ ৱাৰ্লিৰ নেহৰু চেন্টাৰত এই মহোৎসৱৰ শুভ আৰম্ভণি হ’ব । চাৰি জুনত অন্ত পৰিবলগীয়া এই মহোৎসৱতে পৰিচালক কৃপাল কলিতাৰIMG 20220508 WA0039 তথ্যচিত্ৰখন প্ৰদৰ্শিত হ’ব । হাতী মানুহৰ সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি ঘটি আহিছে।এনে এক জীয়া সমস্যাৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱাৰ প্ৰয়াস কৰা হৈছে।এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ “হাতী বন্ধু”। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধুৰ ইংৰাজীত নাম ৰখা ফ্ৰেইণ্ড অৱ এলিফেণ্ট। ইতিমধ্যে “ব্ৰিজ” চিনেমাখনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই হাতী বন্ধুৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰখনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে।হাতীবন্ধুৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়াত ধাৰা বিবৰণী দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাই। মুম্বাইৰ কেনেৰিজ প’ষ্ট ছাউণ্ড ষ্টুডিঅ’ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে। সম্পাদনা কৃপাল কলিতা, ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ আনন্দৰ। শব্দ গ্ৰহণ গুনজিৎ শৰ্মাৰ। এনিমেছন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More