মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ
মূল্যবৃদ্ধি ৰোধৰ দাবীত চিআইটিইউ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি মূল্যবৃদ্ধি ৰোধ কৰক , মোদী হতাও দেশ বচাও আদি বিভিন্ন শ্ল’গানৰে ধৰ্ণা দি ব্যপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে ৷ ঔষধৰ কলা বজাৰ বন্ধ কৰক , শ্ৰম সংহিতা বাতিল কৰক আচঁনিভূক্ত কৰ্ম্মচাৰীক মাননিৰ সলনি মজুৰি দিয়ক , নিৰ্মাণ শ্ৰমিক কল্যান আইন ৰক্ষা কৰক , চাহ শ্ৰমিকৰ মজুৰি ৬৬১ টকালৈ বৃদ্ধি কৰক , এমজি এনৰেগাৰ অধিনত বছৰত ২০০ দিনৰ কাম দিয়ক , ৰাজহুৱা খণ্ড বিক্ৰী বন্ধ কৰক ,মহিলাৰ ওপৰত ক্ৰমবৰ্ধিত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গানৰে তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে ৷ উল্লেখ্য যে , ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সোৱৰণত সমগ্ৰ দেশ জুৰি এই বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে চিআইটিইউ আৰু কৃষক সভাই ৷ উল্লেখ্য যে , বিজেপি চৰকাৰে এহাতে দেশৰ ৰাজহুৱা খণ্ড আৰু দেশৰ সম্পদ বোৰ মিত্ৰ পুজিপতি গোষ্ঠীক গটাই দিছে আনহাতে শ্ৰমিক কৰ্ম্মচাৰীৰ আৰ্জিত অধিকাৰ কাঢ়ি নিয়াৰ ব্যৱস্হা কৰিছে ৷ মজুৰি আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতাৰণা কৰা বুলি মন্তব্য কৰি উপস্হিত দলৰ নেতা কৰ্ম্মী সকলে উগ্ৰ সাম্প্ৰদায়িক বিভাজন কৰি বিজেপিয়ে জনগনৰ ক্ষোভ বিপথে পৰিচালিত কৰিছে আৰু দেশৰ ধৰ্ম্মনিৰপেক্ষতা গনতন্ত্ৰ বিপদত পৰিছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে ৷