লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপৰ বাটৰ নাট প্ৰদৰ্শন

0 32

উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত আজি অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপ নামৰ সংস্থা দুটাৰ উদ্যোগত পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সংস্থা দুটাৰ উদ্যোগত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। বাটৰ নাটখনৰ জড়িয়তে ড্ৰাগছৰ দৰে মাৰাত্মক নিচা জাতীয় দ্ৰব্যৰ সেৱনৰ কু প্ৰভাৱ সম্পৰ্কে তুলি ধৰাৰ প্ৰয়াস চলায় NGO দুটাৰ কৰ্মকৰ্তা সকলে। লখিমপুৰ আৰক্ষীৰ সহযোগত বাটৰ নাট প্ৰদৰ্শনৰ এই অনুষ্ঠানত উপস্থিত থাকি উপায়ুক্ত সুমিত ছাত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে উল্লেখ কৰি জনসাধাৰণক আৰক্ষী তথা জিলা প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযানত সহায় কৰিবলৈ আহ্বান জনায়। লখিমপুৰ সদৰ থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দেৱেন বৰাই আঁত ধৰা এই অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক মুনীন্দ্ৰ নাথ দেউৰী, আৰক্ষী বিষয়া দিগন্ত শইকীয়া, অপ্ৰতিৰোধ্যৰ সভাপতি গৌৰাঙ্গ দত্ত, সম্পাদক নোমল বৰা, সেৱাদ্বীপৰ সভাপতি সীমান্ত দাস, সম্পাদক তৰুণ গগৈ প্ৰমুখ্যে দুয়োটা সংগঠনৰ বিষয়ববীয়া-সদস্য আৰু লখিমপুৰ আৰক্ষীৰ বিষয়াসকলে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More