লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ

আফ্ৰিকান চোৱাইন ফিভাৰত শ শ গাহৰিৰ মৃত্যু

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত লখিমপুৰৰ জিলা পশু পালান আৰু চিকিৎসা সেৱা বিভাগে ইতিমধ্যে কিলিং মেচিনৰ জৰিয়তে কেবাশ গাহৰি নিধন কৰাৰ পিছত আজি গাহৰি বিক্ৰী নিষেধাজ্ঞাৰে লখিমপুৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে৷ ইতিমধ্যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বহু ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালকৰ শ শ গাহৰি মৃত্যু হোৱাৰ ফলত গাহৰি পালকসকল কিংকৰ্তব্য বিমূৰ হৈ পৰাৰ সময়তে আজি লখিমপুৰ প্ৰশাসনে এনে নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হয়৷ গাহৰিৰ আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগৰ অভিকেন্দ্ৰ অঞ্চলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ব্যাসাৰ্ধত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ প্ৰশাসনে জনোৱা অনুসৰি গাহৰিৰ অতি সংক্ৰামক ৰক্তক্ষৰণ জনিত ভাইৰাছ জনিত ৰোগ আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি আৰু সূচী ৰোগ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ বাবে জিলা দণ্ডাধীশে গাহৰিৰ সংক্ৰমিত অঞ্চলৰ আশে পাশে গাহৰিৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ সেই মৰ্মে কদম ৰাজহ চক্ৰ অঞ্চলৰ পৰা হাতীলুঙৰ গণেশ মন্দিৰলৈ আৰু লখিমপুৰৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, বধাকৰা মহাইজানৰ লগতে লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লামু গাঁৱৰ আশে পাশে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ সেইমৰ্মে কোনো জীয়া গাহৰি বা গাহৰিৰ খাদ্য অথবা গাহৰিৰ মাংস উৎপাদিত সামগ্ৰী সংক্ৰমিত অঞ্চলৰ পৰা উলিয়াই আনিব নোৱাৰিব৷ কোনো সামগ্ৰী বা জীৱজন্তু সংক্ৰমিত অঞ্চলৰ পৰা বা বাহিৰলৈ কোনো পশু কঢ়িয়াই নিব নোৱাৰিব৷ তেনেদৰে জীৱ-জন্তুক পথ বা ৰেল পথেৰে ঘোষিত এলেকাৰ মাজেৰে কঢ়িয়াব নোৱাৰিব৷ কোনো লোকে বজাৰ, মেলা, প্ৰদৰ্শনী আদিলৈও নিব নোৱাৰিব৷ এনেদৰে প্ৰশাসনে প্ৰায় ১২ দফীয়া নিষেধাজ্ঞা জাৰি কৰিছে আৰু এনে আইন ভংগ কৰিলে ভংগকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি সতৰ্ক কৰি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More