লখিমপুৰত গৰুৰ চোৰাং বেহা অব্যাহত

সন্দেহৰ আৱৰ্তত লখিমপুৰৰ আৰক্ষী

0 23
শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ কৰি গৰুৰ চোৰাং বেহা তথা সৰবৰাহ ৰোধত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে গো সুৰক্ষা আইনখনক পদদলিত কৰি লখিমপুৰ জিলাত গৰুৰ অবৈধ সৰবৰাহ তথা চোৰাং বেহা অব্যাহত থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত যোৱা ৩১ মাৰ্চৰ নিশা দুখনকৈ বলেৰ’ পিক আপ ভেনেৰে চোৰাংভাৱে ২৭ টাকৈ গৰু অৰুণাচল প্ৰদেশ লৈ সৰবৰাহ কৰাৰ লক্ষ্যৰে কঢ়িয়াই নিয়া অৱস্থাত স্থানীয় ৰাইজ তথা চিয়াজুলি ষ্টেচন তিনিআলিৰ গাঁওৰক্ষী বাহিনীয়ে আৱদ্ধ কৰা ঘটনাৰ পিচৰ পৰাই জিলাখনত অব্যাহত থকা গৰুৰ চোৰাং বেহাৰ কেতবোৰ ন ন তথ্য উন্মোচিত হৈছে। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত এক সংবাদমেলতে এই তথ্য উন্মোচিত হয়। তথ্য মতে, লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক নিৰৱ ভূমিকাৰ আলমলৈয়ে বৰ্তমান জিলাখনত দৈনিক গৰুৰ অবৈধ বেহা তথা সৰবৰাহ অব্যাহত আছে। আজি সংবাদমেলত এই কথা ঘোষণা কৰে বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তা মহম্মদ জাকিৰ হুছেইনে। তেওঁ জানিবলৈ দিয়া মতে, লখিমপুৰ জিলাৰ সাপ্তাহিক বজাৰ সমূহত জিলা প্ৰশাসনে গৰুৰ বিক্ৰী কাৰ্য বন্ধ ৰখাত লখিমপুৰৰ দুই গৰু ব্যৱসায়ী ক্ৰমে কদম তিনিআলিৰ  অহেদ আলি আৰু দ’লহাট নিবাসী জাইদুল আলিয়ে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম তিনিআলিত গৰু সৰবৰাহৰ মূল ঘাটি স্থাপন কৰি বৰ্তমান ধেমাজি আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন বজাৰৰ পৰা গৰু সংগ্ৰহ কৰি দৈনিক কদম-চিয়াজুলি সংযোগী পথ তথা লীলাবাৰী-উজ্বলপুৰ সংযোগী পথেৰে কাকৈ হৈ অৰুণাচল প্ৰদেশ লৈ বুলি সৰবৰাহ কৰি আহিছে। দৈনিক নিশাৰভাগত চলা এই সৰবৰাহ কাৰ্যত উল্লিখিত ব্যৱসায়ী দুগৰাকীৰ লগত কদমৰ বহুকেইগৰাকী ব্যক্তি জড়িত থকাৰ কথাও হুছেইনে জানিবলৈ দিয়াৰ লগতে তেওঁলোকে গৰু সৰবৰাহ কাৰ্যত মুখ্যতঃ এ এচ ০৭ এ চি ৯৮৯৩, এ এচ ০৭ বি চি ১৭৯৮, এ এচ ০১ ডি ডি ১৩৭২ আৰু এ এচ ০৭ বি চি ৬৭৩০ নম্বৰৰ বলেৰ’ পিক আপ ভেন চাৰিখন আৰু দুখন বৃহৎ বাহন ব্যৱহাৰ কৰি আহিছে। উল্লেখ্য যে, ৰাজহ চক্ৰ এলেকাটোৰ অধীনস্থ কদম তিনিআলিৰ পৰা চিয়াজুলি ষ্টেচন তিনিআলি হৈ অসম-অৰুণাচল প্ৰদেশৰ কাকৈ সীমান্তৰে অৰুণাচল প্ৰদেশলৈ বুলি দুখন বলেৰ’ পিক আপ ভেনেৰে ২৭ টাকৈ গৰু যোৱা ৩১ মাৰ্চৰ নিশা কঢ়িয়াই নিয়া অৱস্থাত চিয়াজুলি ষ্টেচন তিনিআলি গাঁওৰক্ষী বাহিনীয়ে গৰু ভৰ্তি বাহন দুখন জব্দ কৰি বগীনদী আৰক্ষীক চমজাই দিছিল। গৰুসহ  বাহন দুুখন জব্দ কৰাৰ পিচত গৰু ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰই অতি ৰহস্যজনকভাৱে উক্ত অবৈধ ব্যৱসায়ৰ লগত জাকিৰ হুছেইনৰ নামটো সংযোগ কৰি দিছিল। উক্ত ঘটনাক লৈ সংবাদমেলত বিজেপি দলৰ কৰ্মী গৰাকীয়ে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰুৰ চোৰাং বেহাত তেওঁ কোনো দিশৰপৰা জড়িত নাই বুলি জানিবলৈ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More