লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু

ডিজু চাপৰিত ধাননি পথাৰত মৃতদেহ উদ্ধাৰ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱানিশা নিতুল বৰদলৈ [২৮] নামৰ মৰিগাঁৱৰ এই যুৱকজন আকস্মিক ভাৱে পানী টেংকীৰ পৰা পৰি মৃত্যু হয়৷ নাওবৈচাৰ টকৌগুৰি গাঁৱত জলজীৱন মিছন আঁচনিৰ বয়িঙৰ কাম কৰিবলৈ বুলি শনিবাৰেহে ঘৰৰ পৰা নাওবৈচালৈ আহিছিল যুৱকজন৷ যোৱানিশা ভাত পানী খাই নিৰ্মীয়মান পানী টেংকীৰ ওপৰত উঠাৰ পিছত অসাৱধান বশতঃ এই যুৱকজন প্ৰায় ৪০ ফুট উচ্ছতাৰ পানী টেংকীৰ পৰা তলত পৰাত যুৱকজনৰ মৃত্যু হয়৷ পুৱা লগৰীয়াই যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি দায়িত্বপ্ৰাপ্ত ঠিকাদাৰক খবৰ দিয়াত ঠিকাদাৰে আৰক্ষীক অৱগত কৰে৷ নাওবৈচা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ বিয়লি মৰিগাঁৱৰ পৰা যুৱকজনৰ পৰিয়াল আহি মৃতদেহ চমজি লয়৷

ডিজু চাপৰিত ধাননি পথাৰত মৃতদেহ উদ্ধাৰ
লখিমপুৰ জিলাৰ ডিজু চাপৰিৰ ধাননি পথাৰত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ পিছত আৰক্ষীয়ে মৃতদেহটো দশৰথ মুণ্ডা[৫২] ৰ বুলি চিনাক্ত কৰে৷ উল্লেখ্য যে ডিজু চাপৰিৰ বাহাদুৰ টামাঙৰ ঘৰত দীৰ্ঘদিন ধৰি দশৰথ মুণ্ডাই শ্ৰমিক হিচাপে নিয়োজিত হৈ আহিছিল৷ বিগত প্ৰায় তিনিদিন ধৰি এইলোকজন সন্ধানহীন হৈ থকাৰ পিছত আজি ধাননি পথাৰত দশৰথ মুণ্ডাৰ মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনাস্থলীত দুপৰীয়া ভাগত চিলনীবাৰী আৰক্ষী উপস্থিত হৈ মৃতহেদ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More