লখিমপুৰত জল জীৱন মিছনৰ আঁচনি ৰূপায়ণত অনিয়ম

পলসুৱা শিল-বালিৰে নিৰ্মাণ হৈছে বেহেৰাবস্তিৰ ৭৮ লাখ টকীয়া আঁচনি

0 20

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে জল জীৱন মিছন আঁচনিৰ অধীনত হাজাৰ হাজাৰ কোটি টকা আৱণ্টন দিছে যদিও বহু ঠাইত এই আঁচনিখন নিৰ্মাণৰ নামত ব্যাপক ধনৰ অপচয় ঘটিছে৷ ঠিকাদাৰ অথবা নিৰ্মাণকাৰী সংস্থাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি এনে আঁচনি ৰূপায়ণ কৰি আহিছে৷ তেনে এখন আঁচনি হৈছে লখিমপুৰ জিলাৰ লীলাবাৰীৰ সমীপৱৰ্তী বেহেৰাবস্তিত নিৰ্মাণ হৈ থকা ক্ষুদ্ৰ জলজীৱন মিছন আঁচনিখন৷ লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ লোৱা এই আঁচনিখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ঘিলামৰাৰ লোহিত হাজৰিকা নামৰ ঠিকাদাৰজনে৷ প্ৰায় ৪ মাহ পূৰ্বে ৱৰ্ক অৰ্ডাৰ লাভ কৰাৰ পিছতো আঁচনিখনৰ কাম অতি লেহেমীয়া হৈ থকাই নহয় এই আঁচনিখনত এতিয়া নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ঠিকাদাৰে৷ প্ৰায় ৭৮ লাখ টকীয়া এই আঁচনিখনত এতিয়া নিম্নমানৰ শিলবালি ব্যৱহাৰ কৰিছে৷ তদুপৰি ঠিকাদাৰে নীতিবৰ্হিভূত ভাৱে আঁচনিখনত চেণ্ড গ্ৰেভেল ব্যৱহাৰ কৰাৰ লগতে কাকৈ নদীৰ পলসুৱা শিল-বালি ব্যৱহাৰ কৰিছে৷ ইউ জি আৰ নিৰ্মাণৰ বেলিকা এনে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো সংশ্লিষ্ট বিষয়া-অভিযন্তাই আঁচনিখনলৈ নজৰ তথা পৰিদৰ্শন নকৰাতো ৰহস্যজনক৷ আঁচনি ৰূপায়ণৰ কাম কাজ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে সঠিক ভাৱে তদাৰক নকৰাৰ বাবেই এনেদৰে ঠিকাদাৰে আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি তথা অনিয়মৰ আশ্ৰয় লৈছে৷ এনে আঁচনিৰ স্থায়িত্ব কিমান হ’ব তাক লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ চৰকাৰে ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে কোটি কোটি টকা আৱণ্টন দিছে যদিও বহু সময়ত তেনে আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More