লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ

হাজাৰ হাজাৰ লোক বানৰ কবলত

0 106
  • বহু গাঁও জলমগ্ন
  • উদ্ধাৰ অভিযান অব্যাহত
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ WhatsApp Image 2023 06 14 at 7.28.00 PMলখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১০০ মিটাৰ অংশ আজি দুপৰীয়া প্ৰায় ডেৰ বজাত ছিঙি নিয়াৰ ফলত ৰাজহ চক্ৰটোৰ ১০-১৫ খন গাঁও ভয়াৱহ বানৰ কবলত পৰিছে৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো কেবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত আজি শিঙৰা নদীয়ে মথাউৰি ছিঙাত সমগ্ৰ অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ কোবাল সোঁতে মথাউৰিটোৰ শ’লমৰীয়াত প্ৰায় ১০০ মিটাৰ উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ কোঁৱৰ গাঁও, বালিটিকা, দীঘ পুখুৰী, শ’লমৰীয়া, বিষ্ণুপুৰ, কুটুকাই আদি গাঁওসমূহ বানৰ কবলত পৰিছে৷ নদীৰ কোবাল সোঁতে আজি মথাউৰিৰ কাষতে থকা অশোক চৌধুৰীৰ লগতে তেওঁৰ পৰিয়ালৰ তিনিটাকৈ পকী বাসগৃহ বাঢ়নী পানীয়ে উটুৱাই বিধ্বস্ত কৰি পেলায়৷ নদীখনৰ সংহাৰী বানত সমগ্ৰ অঞ্চলটো প্লাবিত হৈ পৰাত ইতিমধ্যে ঘটনাস্থলীত লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে এন ডি আৰ এফ বাহিনীয়ে বানাক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযানত নামি পৰিছে৷WhatsApp Image 2023 06 14 at 7.28.01 PM লখিমপুৰৰ জলসম্পদ বিভাগৰ আওপুৰণি মথাউৰিটো চলিত বৰ্ষৰ খৰালিত পুনৰ নিৰ্মাণ নকৰাৰ বাবেই আজি নদীখনে সেই ঠাইত মথাউৰি ছিঙি নিয়া বুলি স্থানীয় ৰাইজে অভিযোগ কৰে৷ আনহাতে নাওবৈচা ৰাজহ চক্ৰৰ শিঙৰা নদীৰ প্ৰৱল বানে দলহাট-বৰছলা সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটো বুৰাই পেলোৱাত এইপৰ্যন্ত যাতায়াত ব্যাহত হৈ পৰিছে৷ আজি পুৱাৰে পৰা এই পথত একাঁঠু পৰ্যন্ত পানী উঠাৰ লগতে কাষৰীয়া গাঁও সমূহৰ বহু লোকৰ ঘৰৰ ভিতৰত বাঢ়নী পানীয়ে বুৰাই পেলোৱাত এই পৰিয়াল সমূহৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তেনেদৰে সমগ্ৰ অঞ্চলটোৰ লক্ষাধিক লোকে একমাত্ৰ গুৰুত্বপূৰ্ণ পথ হিচাপে ব্যৱহাৰ কৰি অহা দলহাট-বৰছলা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত এই পথটো যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ খৰস্ৰোতা নদীখনৰ বাঢ়নী পানীয়ে চৌদিশ বুৰাই পেলোৱাত অঞ্চলটোৰ লোকসকলে দিক-বিদিক হেৰুৱাই পেলোৱাৰ লগতে তেওঁলোকৰ পশুধন সমূহো সমস্যাৰ সন্মুখীন হৈছে৷ বাতৰি লিখা পৰলৈকে জিলাখনৰ লগতে নাওবৈচা অঞ্চলত মূষলধাৰে বৰষুণ হৈ থকাৰ ফলত বানৰ কবলত পৰা লোকসকলক উদ্ধাৰ কাৰ্যত কিছু জটিলতাৰ সৃষ্টি হৈছে৷ বহু বানাক্ৰান্ত পৰিয়ালে ইতিমধ্যে দিশহাৰা হৈ নিৰাপদ স্থানলৈ ধাবিত হ’বলৈ বাধ্য হৈছে৷ জলসম্পদ বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই আজি নদীখনে বাৰিষাৰ আৰম্ভণিতে মথাউৰি ছিঙি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে বুলি সকলোৱে অভিযোগ তুলিছে৷ বাঢ়নী পানীৰ কবলত পৰি একাংশ লোক এতিয়াও জলবন্দী হৈ পৰিছে৷ বাঢ়নী পানীয়ে আজি বৃহৎ সংখ্যক কৃষি পথাৰৰো ক্ষতি সাধন কৰে৷ আনহাতে আজি এই প্ৰলয়ংকাৰী বানৰ পিছতে ঘটনাস্থলীত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে বোকা পানী গছকি উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More