“কেৰিয়াৰ হাতপুথি” কিতাপখন উপহাৰ দিয়ক

0 11

মাননীয় সম্পাদক মহোদয়,

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান-সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰি বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্ৰদান কৰাটো এটা ভাল কথা। আমি ভাবোঁ নিৰ্বাচিত গ্ৰন্থৰ টোপোলা এটিও উপহাৰ হিচাপে দিলে ভাল হয়, যিবোৰ গ্ৰন্থৰ দ্বাৰা শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয়, লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে।  এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কে শিক্ষার্থীসকলে এক সম্যক ধাৰণা লাভ কৰিবৰ বাবে ‘বনলতা’ই প্রকাশ কৰা ড° বুলজিৎ বুঢ়াগোহাঁইৰ “কেৰিয়াৰ হাতপুথি” কিতাপখন শিক্ষার্থীসকলক  উপহাৰ হিচাপে দিব পাৰে। এতিয়া কথা হ’ল, পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো এনেকুৱা অনুষ্ঠান পাতি থকা দেখা যায়। আমি ভাবোঁ এনেকুৱা অনুষ্ঠান যদি সম্ভৱ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ ভিতৰতে পাতি শেষ কৰিব লাগে আৰু তিনিটা পৰ্যায়ত তিনি দিন যেনে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত পাতিব লাগে। এই তিনিটা পর্যায়তে যিমান অনুষ্ঠান- প্রতিষ্ঠান-সংগঠনে অভিনন্দন জনাব বিচাৰে জনাব। ইয়াৰ ফলত টকা-পইচা, সময় আদিৰ খৰচ কম হ’ব। আনহাতে পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ লগে লগে কৃতিত্ব অর্জন কৰি উত্তীৰ্ণ হোৱা শিক্ষার্থীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত শিক্ষার্থীসকলৰ ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে নাই, তেওঁলোকে পঢ়ি অহা মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্ৰতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায়। এই বিষয়বোৰ লৈ সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী শিক্ষার্থীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্রতিবেদন প্রস্তুত কৰিলে ভাল হয়। তদুপৰি এই বিষয়ে স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানেও ক্ষেত্রভিত্তিক অধ্যয়ন কৰিব পাৰে। যিসকল  শিক্ষার্থীয়ে  বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰি সমাজ জীৱনৰ বিভিন্ন  ক্ষেত্ৰলৈ অৰিহণা যোগাইছে, সেইসকলক পাঢ়ি অহা বিদ্যালয়খনলৈ আমন্ত্রণ কৰি, তাত অধ্যয়ন কৰি থকা  শিক্ষার্থীসকলৰ লগত অন্তৰংগ আলাপৰ আয়োজন কৰিলে শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহিব। আশা কৰিছোঁ, বিদ্যালয়বোৰৰ কৰ্তৃপক্ষই এনেধৰণৰ অন্তৰংগ আলাপ  মাজে মাজে আয়োজন কৰিব ।

ড° বুলজিৎ বুঢ়াগোহাঁই, আজাৰা , গুৱাহাটী -৭৮১০১৭, ফোন: ৯৪৩৫১৮৮৬৩০ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More