লখিমপুৰত ১ লাখ টকাৰ উৎকোচ বিছাৰি মণ্ডল গ্ৰেপ্তাৰ

গুগ’ল পে’ত ললে ৫০ হাজাৰ টকা

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে উৎকোচ গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী সঘনাই আৰক্ষীৰ জালত পৰাৰ সময়তে লখিমপুৰত ১ লাখ টকাৰ ধনদাবীৰ অভিযোগত আজি এজন মণ্ডলক আৰক্ষীয়ে আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ধৃত মণ্ডলজন হৈছে মঙলদৈ নিবাসী হেমেন্দ্ৰ শৰ্মা৷ শৰ্মাই লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লখিমপুৰ মৌজাৰ ৪নং লাটৰ তিনিকুৰীয়া সোণাৰী গাঁৱৰ দায়িত্বত আছিল৷ এই সময়চোৱাত হেমেন্দ্ৰ শৰ্মাই তিনিকুৰীয়া সোণাৰী লাটৰ টংকেশ্বৰ ডেকা নামৰ এজন লোকৰ মাটি-বাৰী কিনা বেচাৰ ক্ষেত্ৰত সকলো কাম কৰি দিয়াৰ প্ৰলোভনেৰে টংকেশ্বৰ ডেকাৰ পৰা ১ লাখ টকা দাবী কৰি ৫০ হাজাৰ টকা গুগল পে’ৰ জৰিয়তে আদায় লয়৷ ইফালে দীৰ্ঘদিন ধৰি মণ্ডলজনে টংকেশ্বৰ ডেকাৰ পৰিয়ালৰ কামখিনি পেলাই ৰখাৰ লগতে বাকী ৫০ হাজাৰ টকা বিছাৰি আছিল৷ ফলত টংকেশ্বৰ ডেকাৰ পুত্ৰ অবিনাশ ডেকাই আজি লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে মণ্ডলজনক প্ৰথমে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মতাই নিয়ে৷ ইয়াৰ পিছতে মণ্ডলজনক আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ যায়৷ এই বাতৰি যুগুতোৱাৰ সময়লৈকে মণ্ডল হেমেন্দ্ৰ শৰ্মাক সদৰ থানাই গ্ৰেপ্তাৰ কৰি নাৰায়ণপুৰত থকা মণ্ডলজনৰ ভাৰাঘৰত অভিযান চলাবলৈ লৈ যোৱা বুলি খবৰ পোৱা গৈছে৷ যিসময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উৎকোচ গ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে লখিমপুৰত এজন মণ্ডলে মাটিৰ সকলো কাম কৰি দিয়াৰ নামত ১ লাখ টকা দাবী কৰি ইয়াৰে ৫০ হাজাৰ টকা আদায় কৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More