লখিমপুৰৰ বঙালমৰাত ৬ ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰীক ৰাইজে ধৰি গতালে আৰক্ষীক

গাঞ্জা- ড্ৰাগছসহ মটৰ চাইকেল জব্দ

0 44

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰত ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ পুনৰ বৃদ্ধি পাব ধৰিছে৷ কিছুদিন এনে কাৰ্যকলাপ স্তিমিত হৈ আছিল যদিও পুনৰ প্ৰায়ে আৰক্ষীৰ হাতত ড্ৰাগছ ব্যৱসায়ীয়ে ধৰা খাই আহিছে৷ আজিও এনে কেইজনমান অপৰাধীক ৰাইজে হাতে লোতে ধৰি আৰক্ষীক চমজাই দিয়া তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ১নং আহমেদমপুৰত ৰাইজে ৫টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত অপৰাধী কেইজন হৈছে নুৰ আহমেদ, ফইজুল ছিলাম, নুৰুল হক, মজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান৷ ধৃত যুৱককেইজনৰ পৰা ড্ৰাগছ ভৰ্তি ৯টা কনটেইনাৰ দুটা মবাইল ফোন আৰু এখন স্কুটীও জব্দ কৰা হয়৷ বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীয়ে আটাইকে আটক কৰি তদন্ত আৰম্ভ কৰিছে৷ WhatsApp Image 2023 08 25 at 7.46.08 PM 1ইফালে আজি ৰাইজে বঙালমৰাৰ ১নং আহমেদপুৰত এটা গাঞ্জা সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয়৷ ধৃত গাঞ্জা সৰবৰাহকাৰীজন হৈছে নাৰায়ণপুৰৰ হৰেণ দেউৰী৷ দেউৰীৰ পৰা ৰাইজে দুই কিলোগ্ৰাম গাঞ্জা সহ এটা মবাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰি আৰক্ষীক চমজাই দিয়ে৷ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছত জিলাখনত অসামাজিক কাৰ্যকলাপ কিছু পৰিমানে হ্ৰাস পাইছিল যদিও আৰক্ষী অধীক্ষকজন কৰ্মৰত হৈ থকা অৱস্থাতে জিলাখনত পুনৰ অসামাজিক কৰ্যকলাপ পুনৰ বৃদ্ধি পাবলৈ ধৰাত সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More