লখিমপুৰত মেধাৱী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান

0 46

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰৰ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এজন মেধাবী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিজুমনি সোণোৱালে৷ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰবি পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নৱাগত সকলৰ চিনাকি পৰ্বৰ আঁত ধৰে৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বাবুল চন্দ্ৰ চুতীয়াই চন্দ্ৰযান– ৩ ৰ সফল অৱতৰণত আগভাগ লোৱা অসমৰ দুই বিজ্ঞানী চয়ন দত্ত আৰু নিধি শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতি আৰু দেশৰ গৌৰৱ বৃদ্ধিৰ বাবে জ্ঞান আহৰণত মনোনিৱেশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটা প্ৰাপক ৰাজমনি দাস চুতীয়াই৷ সভাত সদ্যঘোষিত কলা শাখাৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা সৰ্বে৷চ্চ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আমজাত আলিক ‘কৰ্মযোগী প্ৰয়াত কমল চন্দ্ৰ চুতীয়া শৈক্ষিক বঁটা-২০২৩’ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে, বাবুল চন্দ্ৰ চুতীয়া আৰু ৰাজমনি দাস চুতীয়াই তেওঁলোকৰ পিতৃৰ নামকৰণৰে এই বঁটা প্ৰদান কৰি আহিছে৷ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ অনন্ত বৰাই বিগত বৰ্ষত বিদ্যালয় খনিয়ে ১০০ শতাংশ ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিষয়ে সভাত অৱগত কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা সম্বদ্ধৰ্না জনোৱা হয়৷ এই সভাত বিদ্যালয়ৰ পৰা ১০০ শতাংশ ছাত্ৰ- ছাত্ৰীৰ উত্তীৰ্ণ হোৱাৰ বাবে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেএ প্ৰেৰণ কৰা সম্বদ্ধৰ্না পত্ৰখন ন-কদম গাঁও পঞ্চায়তৰ সভাপতি তথা আজিৰ সভাৰ সভাপতিয়ে বিদ্যালয়ৰ পৰিয়ালবৰ্গক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More