শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠান তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘হিন্দী পষেক’। ৷ আজি অৰ্থাৎ ১৪ ছেপ্তেম্বৰ হিন্দী দিৱসৰ লগত সংগতি ৰাখি অহা ২৯ ছেপ্তেম্বৰলৈ উদযাপিত হ’বলগীয়া দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানত আজি সভাপতিত্ব কৰে উপ অধীক্ষক ডাঃ কুশল তামুলীয়ে৷ অনুষ্ঠানত চাইকিয়াট্ৰিক চচিয়েল ৱৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ চোনিয়া পি দেউৰী আৰু হিন্দী বিভাগৰ তত্ত্বাৱধায়কৰ লগতে অধ্যাপক ডঃ ইন্দ্ৰজিৎ বেনাৰ্জীৰ, চাইকিয়াৰ্টিক নাৰ্চিৱ বিভাগৰ মুৰব্বী অঃ অৰুণ জ্যোতি বৰুৱা, ক্লিনিকেল চাইকলজি বিভাগৰ ডঃ প্ৰিয়া চাক্সেনাই অংশ গ্ৰহণ কৰে৷ সভাপতি ডাঃ কুশল তামুলীয়ে ভাষণ প্ৰসংগত কয় যে চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই হিন্দী শিক্ষাৰ পাঠ্যক্ৰম চলি আছে ৷ অনুষ্ঠানত বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে৷ হিন্দী বিভাগৰ কৰ্মচাৰী সৌৰভ কুমাৰে আঁত ধৰা অনুষ্ঠানত কুইজ প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰা হয়৷ অহা ২৯ চেপ্তেম্বৰলৈ অনুষ্ঠতব্য এই পষেকত বিভিন্ন এই কাৰ্যসূচীৰ মাধ্যমেৰে হিন্দী শিক্ষাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব৷ সভাৰ শেষত শলাগ জ্ঞাপন কৰে সৌৰভ কুমাৰে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.